এসপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব ক্ষয় ক্ষতিৰ প্ৰতিবেদন

newsnextone.com | কাৰ্বি আংলংঃ বন্ধৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা পাৰ্বত্য জিলা কাৰ্বি আংলং দীৰ্ঘদিন বন্ধ সংস্কৃতিৰ কৱলৰ পৰা মুক্ত আছিল যদিও কিছুদিনৰ পৰা পুনৰ এই প্ৰৱণতাই গা-কৰি উঠা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে পুৱা ৫ বজাৰ পৰা ৫ চেপ্তেম্বৰৰ পুৱা ৫ বজালৈকে এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা, কেএনচিএ আদিকে কৰি কেবাটিও সংগঠনে আহ্বান জনোৱা কাৰ্বি আংলং বন্ধৰ ফলত জিলাখনৰ স্বাভাৱিক জনজীৱন স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ 

আনহাতে, এই বন্ধৰ প্ৰাকমুহূৰ্তত ৩ চেপ্তেম্বৰত কাৰ্বি আংলং জিলা দণ্ডাধীশৰ কাৰ্যালয়ে জিলাখনৰ বিভিন্ন ব্যৱসায়িক সংস্থা, সকলো চৰকাৰী বিভাগ, বেংক কৰ্তৃপক্ষলৈ এক জাননী প্ৰেৰণ কৰি জাননী লাভ কৰাৰ এসপ্তাহৰ ভিতৰতে ২৪ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণৰ প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ জনায়৷ 

এই জাননী সকলো চৰকাৰী বিভাগ, বেংক কৰ্তৃপক্ষ, চেম্বাৰ্চ অফ কমাৰ্চ, কাৰ্বি আংলং বাছ সংস্থা, ডিফু অট এছ’চিয়েচন, কাৰ্বি আংলং ট্ৰাক সন্থা আদিলৈ প্ৰেৰণ কৰিছে৷ জাননীত 

উল্লেখ কৰা মতে, কৰ্মচাৰীৰ দৰমহাৰ লগতে সকলো ধৰণৰ আৰ্থিক ক্ষতি, বিত্তীয় প্ৰতিষ্ঠানৰ আৰ্থিক আৰু ৰাজহ ক্ষতি আদি সকলোৰে মূল্যায়ন কৰি জিলা দণ্ডাধীশৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অনুৰোধ জনায়, যাতে ৩০-৯-২০০৭ ৰ এপেক্স কৰ্টৰ নিৰ্দেশ আৰু ৬-১-২০১০ৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী বন্ধৰ লগত জড়িত ব্যক্তি সকলৰ পৰা ন্যায়গত ব্যৱস্থা গ্ৰহণেৰে ক্ষয়-ক্ষতিৰ পৰিমাণ পুনৰুদ্ধাৰ কৰিব পৰা যায়৷