newsnextone.com | ওৰাংঃ মাজবাটৰ সুধাকণ্ঠ মুকলি মঞ্চ প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱস। তদুপলক্ষে দিনৰ ২ বজাত মুকলি সভাৰ মঞ্চ উদ্বোধন কৰে মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ কুমাৰ শৰ্মাই।

উক্ত সভাতেই ছেবাৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ড০ সপোন দুৱাৰাক জাপি, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। 

তাৰোপৰি পাঁচনৈ ছেৰফাং সমষ্টিৰ অন্তৰ্গত প্ৰায় পাঁচ শতাধিক শিক্ষক শিক্ষয়িত্ৰীক ফুলাম গামোছা, কলম আদিৰে সেৱা আগবঢ়ায়। বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে আদৰণি ভাষণ প্ৰদান কৰে। মুকলি সভাত শিক্ষাবিদ ড০ সপোন দুৱাৰাই শিক্ষক শিক্ষয়িত্ৰী সকলক উদ্দেশ্যি দিয়া মনোজ্ঞ ভাষণে ৰাইজক আপ্লুত কৰে৷