newsnextone.com। কমলপুৰঃ বুধবাৰে কমলপুৰ সমষ্টিৰ টিপকুচি গাঁৱত অসম জন মৰ্চা দলৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। সভাত মোঃ আইনুল হকৰ সভাপতিত্ব ৰাজহুৱা সভাত অসম ৰাজ্যিক জন মৰ্চাৰ সভাপতি ছাইফুল ইছলাম চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলীয় সাংগঠনিক দিশত ভাষণ প্ৰদান কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম জন মৰ্চাৰ সহ সম্পাদক তথা কমলপুৰ সমষ্টি কমিটিৰ সভাপতি ৰাজীৱ হাজৰিকাই ভাষণ প্ৰদান কৰি কয় যে বিভিন্ন ৰাষ্ট্ৰীয় দলৰ ফাঁকিবাজী কথাত ভোল নাযায় তাৰ বাবে সভাৰ উপস্থিতি ৰাইজক অৱগত কৰে। আগন্তুক পঞ্চায়ত আৰু লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক দলক আকোঁৱালি লবলৈ হাজৰিকাই কমলপুৰ সমষ্টিবাসীক আহ্বান জনায়। সভাখনত প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।