newsnextone.com। অভয়াপুৰীঃ অভয়াপুৰী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা চাকলা সমবায় সমিতিৰ সচিব তফাজ্জুল হুছেইনক আটক কৰা হৈছে। আটকাধীন তফাজ্জুল হুছেইনৰ ওপৰত গুৱাহাটীৰ দিশপুৰ থানাত অপহৰণৰ সম্পৰ্কীয় ২২৪২/১৮ নং গোচৰ পঞ্জীয়ন হৈ আছে।

আৰক্ষীয়ে এই গোচৰৰ ভিত্তিতে সোধপোচৰ বাবে তফাজ্জুল হুছেইনক সমবায় সমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰাই আটক কৰে। ইতিমধ্যে দিশপুৰ আৰক্ষীৰ দল অভয়াপুৰীলৈ আহি থকা বুলি জানিব পৰা গৈছে।

যোৱা ৬ আগষ্টত গুৱাহাটী খৃষ্টানবস্তিৰ পৰা চি কে মহাবিদ্যালয়ৰ প্ৰবক্তা চফিকুল ইছলামক দুৰ্বিত্তই অপহৰণ কৰিছিল। অপহৰণৰ পিচদিনাই অপহৃতৰ সন্ধান পোৱা হৈছিল।