newsnextone.com।ওদালগুৰিঃ ওদালগুৰি জিলাৰ ডিমাকুছিত শুকুৰবাৰে সংঘটিত হৈয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত ট্ৰাকৰ খুন্দাত থিতাতে এগৰাকী মহিলাৰ মৃত্যু হয়৷ 
ডিমাকুছি চেন্ট্ৰেল বেংকৰ সন্মুখতে সংঘটিত হয় পথ দূৰ্ঘটনাটো। 
নিহত মহিলাৰ নাম তুলিকা চহৰীয়া বুলি জানিব পৰা গৈছে৷ মহিলাগৰাকীৰ স্বামীও দূৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হবলগা হয়৷ দুয়োজনে বাইকেৰে আহি থকা অৱস্থাতে ঘটনাটো ঘটে৷ দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এএচ-০১ এডিডি-০৪৮৬ বুলি জানিব পৰা গৈছে।