নগাঁওঃ অসমীয়া জাতীয় জীৱনক গানেৰে, সুৰেৰে প্রাণময় কৰি তোলা মহান শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯২সংখ্যক ওপজা দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে নানা কাৰ্যসূচীৰে উদযাপন কৰে৷ ইয়াৰ অংশ হিচাপে নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত সন্ধানী সাহিত্য সমাজৰ উদ্যোগত ভূপেনদাৰ ওপজা দিনটি বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়৷ 

এই মৰ্মে, শেনচোৱাৰ খুটিকটীয়াস্থিত কাৰ্যালয় প্ৰাংগণত পুৱা ৮ বজাত সন্ধানী সাহিত্য সমাজৰ স্থায়ী সভাপতি ৰঞ্জনা বৰাৰ দ্বাৰা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতেই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ সন্ধানী সাহিত্য সমাজৰ জ্যেষ্ঠ সদস্য অতুল শৰ্মাই এই কাৰ্যসূচী ৰূপায়ন কৰাৰ অন্তত অনুষ্ঠানত উপস্থিত থকা অভ্যাগত আৰু উদ্যোক্তা সমিতিৰ সমূহ বিষয়-ববীয়াই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পণ কৰে৷ 

এই কাৰ্যসূচীৰ পিছতেই এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ সন্ধানী সাহিত্য সমাজৰ সম্পাদক গুণধৰ নাথে আঁত ধৰা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী পুস্পেন্দ্ৰ নাথ বৰকাকতিয়ে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদি চমু ভাষণ আগবঢ়ায়৷ সভাত গোপী বৰাই সুধাকণ্ঠৰ কেইবাটাও চিৰসেউজ গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়৷ সভাৰ অন্তত ড° ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক কালজয়ী গীতটি সমুহীয়াভাবে পৰিবেশনেৰে কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়৷