newsnextone.com | দৰংঃ যি সময়ত কংগ্ৰেছ দলে ১০ বছৰ ভাৰতত শাসন চলাইছিল সেই সময়ত আৰম্ভ হোৱা ৰাফেল বিমান চুক্তি বিজেপি চৰকাৰৰ দিনত স্বাক্ষৰিত হোৱাৰ পিছত ৰাফেল চুক্তিৰ আসোঁৱাহ উলিয়াই ৰাইজৰ ওচৰ চপাৰ প্ৰয়াস চলাইছে কংগ্ৰেছ দলে। 

শনিবাৰে মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত APCCৰ উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে ৰাফেল চুক্তিৰ বিৰুদ্ধে মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে৷

কংগ্ৰেছৰ দিনত ৫২৬ কোটি টকাত চুক্তি হোৱা ৰাফেল যুদ্ধ বিমান বিজেপি চৰকাৰ অহাৰ পিছত পূৰ্বৰ চুক্তি বাতিল কৰি ১৬৭০ কোটি দি কিনিব ওলোৱা কাৰ্যত ৰাজহুৱা ধনৰ ব্যাপক অপচয় হোৱা বুলি বিস্ফোৰক অভিযোগ তোলে। লগতে কেইদিনমানৰ আগতে পঞ্জীয়ন হোৱা অনিল আম্বানী মালিকানাধীন কোম্পানীক ভাৰত নিৰ্মাণৰ সুবিধা কৰি দিয়া কাৰ্য্যক কংগ্ৰেছ দলে দুৰ্নীতিৰ অভিযোগ তুলিছে। ইফালে, জন ধন আঁচনিৰ সম্পূৰ্ণ ধন অনিল আম্বানীক লোন দিয়া কাৰ্য্যকো বিৰোধিতা কৰে কংগ্ৰেছ দলে।  

আনহাতে, প্ৰদ্যুত বৰদলৈয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমুহ প্ৰধানমন্ত্ৰীৰ পকেটত সোমাই থকা বুলি বিতৰ্কিত মন্তব্য কৰে৷ সংবাদমেলত ১০ ছেপ্তেম্বৰত কংগ্ৰেছ দলে ঘোষণা কৰা ভাৰত বন্ধক সফল কৰিবলৈ আহ্বান জনাইছে৷