newsnextone.cm | তেজপুৰঃ সুধাকণ্ঠ ড০ ভুপেন হাজৰিকাৰ মহাপ্ৰয়ানৰ সময়তে তেজপুৰত প্ৰতিষ্ঠা হোৱা বিশ্বৰত্ন সুধাকণ্ঠ ভুপেন হাজৰিকা ভাওনা সন্মিলনীয়ে বিগত বৰ্ষ বোৰৰ দৰে এইবাৰ সপ্তম বাৰ্ষিক ভাওনাৰ নাট মেলা অনুষ্ঠান শনিবাৰে সুধাকণ্ঠৰ ওপজা দিনটোতে অনুষ্ঠিত কৰে। 

তেজপুৰ খৰাআটিৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গনত "কুৰুক্ষেত্ৰত কৃষ্ণাৰ্জুন" নামৰ ভাওনা খনৰ আনুষ্ঠানিক ভাবে নাট মেলা কাৰ্য্যসুচী আৰাম্ভ কৰে তেজপুৰ ভাওনা সন্মিলনৰ কাৰ্য্যকৰি সভাপতি ভাৰত মালাকাৰে। সম্পাদক নৃপেন দাসে আঁত ধৰা অনুষ্ঠানত অভিনেতা, অভিনেত্ৰীসকলৰ মাজত নাট সমুহৰ চৰিত্ৰ বিতৰণ কৰে।