newsnextone.com | তেজপুৰঃ আৰক্ষী দায়িত্ব হৈছে জনগণৰ নিৰাপত্তা দিয়া। কিন্তু তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লালমাটি আৰক্ষী চকীত সংঘটিত এক ঘটনাৰ পিছৰ পৰা এতিয়া আৰক্ষী চকীত সাধাৰণ নাগৰিক কিমান সুৰক্ষিত তাক লৈ প্ৰশ্ন উদয় হৈছে৷ উল্লেখ্য যে, তেজপুৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত হজৰা পাৰৰ এটা কোঠাৰ ভিতৰত  দুগৰাকী ছাত্ৰীক দুজন যুৱকৰ সৈতে অসংযত অৱস্থাত স্থানীয়ে ৰাইজে আটক কৰি লালমাটি আৰক্ষী চকীত চমজাই দিছিল। 

আৰক্ষীয়ে যুৱক-যুৱতী কেইজনক নিজৰ জিম্মাত লৈ আৰক্ষী চকীত ৰখাৰ কালত একাংশ যুৱকে আৰক্ষী চকীত প্ৰৱেশ কৰে। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে গোচৰটোৰ সম্পৰ্কত সোধপোচ চলাই থকাৰ কালতে যুৱকৰ দলটোৱে আৰক্ষীয়ে আটক কৰা যুৱকজনক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। 

এই ঘটনাত আৰক্ষীয়ে সাধাাৰণভাবে বাধা দিয়ে যদিও যুবকৰ দলটোৱে নিজকে মৰেল পুলিচগিৰি দেখুৱাই মাৰপিট কৰে। আৰক্ষী চকীৰ জনৈক বৰদলৈ উপাধিধাৰী ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ চকুৰ সন্মুখত এনেদৰে মৰেল পুলিচগিৰি কৰি মাৰপিট কৰাৰ পিছত আটকাধীন যুৱকজনে আৰক্ষীৰ জিম্মাত প্ৰহৃত হৈ মাৰপিট কৰা যুৱকৰ দলটোৰ ওচৰত তেওঁক মাৰি পেলাবলৈ চিঞৰি চিঞৰি আহ্বান জনায়। আৰক্ষী চকীৰ ভিতৰতে এনেদৰে এজন আচামী মৰেল পুলিচৰ হাতত প্ৰহৃত হোৱা ঘটনাই এতিয়া সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷