newsnextone.com | ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ হাঁহাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সশস্ত্ৰ সীমা বলৰ চমুকৈ এছএছবিৰ শিবিৰত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এছএছবিৰ ২৪ নং বেটেলিয়ানৰ এছিএছডি কেন্টিনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। 

মূহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই কেবাটাও কোঠা আগুৰি ধৰে। নিমিষতে ভষ্মীভূত হয় তিনিটাকৈ কোঠাত মজুত ৰখা কেইবালাখ টকাৰ বৈদ্যুতিক সা-সামগ্ৰী, প্ৰসাধন সামগ্ৰী, বিলাসী সামগ্ৰী  লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী সহ আন আন সামগ্ৰীৰ সৈতে জুইত জাহ যায় বহুতো নথিপত্ৰ। 

অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে শিবিৰৰ ভিতৰত থকা জোৱানসকলৰ লগতে বিষয়া সকলৰ মাজত হুৱা দুৱাৰ সৃষ্টি হয়। পিছত ৰঙিয়া আৰু বাইহাটাৰ পৰা অহা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে শিবিৰৰ জোৱান সকলৰ সহায়ত জুই নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয়। এই ৰহস্যজনক অগ্নিকাণ্ডৰ ফলত সৌভাগ্যক্ৰমে   কোনো লোক হতাহত হোৱা নাই যদিও অগ্নিকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই।