newsnextone.com | যোৰহাটঃ যোৰহাটত নতুনকৈ জন্ম লাভ কৰা সব্যসাচী প্ৰকাশৰ দুখন গ্ৰন্থ অাজি মুক্তি যুঁজাৰু ভৱনত উন্মোচন কৰা হয়। চিন্তাশীল লেখক, সমালোচক ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ 'অসমীয়া ভাষা-সাহিত্যৰ খণ্ডচিত্ৰ' গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীয়ে৷ 

বিশিষ্ট সমালোচক অৰূপ কুমাৰ গোস্বামীৰ 'বিজ্ঞানীৰ ধৰ্মনিষ্ঠা অাৰু অন্যান্য ৰচনাৱলী’ নামৰ গ্ৰন্থখনৰ উন্মোচন কৰে বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা নীৰেন বৰুৱাই।

অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সব্যসাচীৰ হৈ ৰেখা বৰুৱা অাৰু প্ৰাঞ্জল কুমাৰ খাউণ্ডে সকলোকে অান্তৰিক কৃতজ্ঞতা জনাইছে।