newsnextone.com। তিনিচুকীয়াঃ বাক্ স্বাধীনতা সকলোৰে আছে৷ কিন্তু তাৰো এক সীমা থকাটো প্ৰয়োজনীয়৷ পুনৰ ধৰ্মক অপমান কৰা এজন যুৱকৰ ওপৰত জনসাধাৰণ ক্ষোভত জ্বলি উঠা বিষয় ইতিমধ্যে সকলোতে প্ৰচাৰ হোৱা দেখা গৈছে৷ হিন্দুৰ উপাসনা অৱতাৰ ৰামক অপমান সুচক মন্তব্য ফেচবুকত বিৰূপ মন্তব্য আগবঢ়াইছিল আজিজ খান নামৰ এজন যুৱকে। যুৱকজনৰ মন্তব্যক লৈ সমগ্ৰ  তিনিচুকীয়া জিলাতে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ইতিমধ্যে সমগ্ৰ ঘটনাটোক লৈ তিনিচুকীয়া জিলাৰ ডুমডুমা, বৰহাপজান, লংচোৱালত ১৪৪ ধাৰা জাৰি কৰা হৈছে। অভিযুক্ত আজিজ খানক গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত আজি তিনিচুকীয়া জিলা বন্ধৰ ঘোষণা কৰা হৈছিল। বন্ধৰ সময়ছোৱাত একাংশ বন্ধ সমৰ্থকে ৰাস্তৰে অহা ট্ৰাকলৈ শিলগুটি নিক্ষেপ কৰি উদ্ভণ্ডালি সৃষ্টি কৰে। লগতে তিনিচুকীয়াৰ এচ পি আৰু ডুমডুমাৰ অ'চি-ক নিলম্বনৰ দাবী কৰিছে হিন্দু যুৱ পৰিষদে।

প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়া আৰক্ষীয়ে ডিব্ৰুগড়ৰ পৰা ফেচবুক কাণ্ডৰ মূল অভিযুক্ত মঃ আজিজ খানক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত আজিজ খানৰ লগতে আন তিনিগৰাকী সংগীকো আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। আটকাধীন যুৱককেইগৰাকী হৈছে মঃ হাবিবুল্লা,মঃ চবিৰ হাচান আৰু মঃ নাৰ্চিম।