newsnextone.com। তামুলপুৰঃ প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ প্ৰতি সন্মান জনাই তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত আজি তামুলপুৰ মহকুমাত এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰাক্তন সৈনিক সন্থাৰ পৰিয়ালৰ সদস্যসহ প্ৰায় শতাধিক সদস্যই তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, তামুলপুৰ আৰক্ষী থানা, ঘগ্ৰাচক আদি কৰি বিভিন্ন ঠাইত চাফাই অভিয়ান চলাই। চাফাই অভিযানত প্ৰাক্তন সৈনিক সকলৰ লগতে বিভিন্ন লোকে সহযোগ কৰে।

তেওঁলোকে অহা ২ অক্টোবৰলৈকে তামুলপুৰ বিভিন্ন ঠাইত তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাই চাফাই অভিযান অব্যাহত ৰাখিব বুলি জনাইছে।