newnextone.com| নলবাৰীঃ নলবাৰী জিলাৰ আল্লিয়াত যোৱাকালি আয়ুৰ্বেদিক বহি:বিভাগৰ আধাৰশিলা স্থাপন কৰে নলবাৰী বিধান সভা সমষ্টীৰ বিধায়ক অশোক শৰ্মাই৷ আয়ুস মন্ত্রালয়ৰ অধীনস্ত বহি:বিভাগটো ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে ৰোগৰ চিকিৎসা কৰিব পাৰিব বুলিও ভাষনৰ প্ৰসংগত উদ্ধোধক গৰাকীয়ে কয়৷ আনহাতে উক্ত দিনাই ১৯ নং চতাই মাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিধায়ক পুঁজিৰ উন্নয়নৰ ৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা দুটা পথৰো শুভ উদ্ধোধন কৰে বিশিষ্ট বিধায়কগৰাকীয়ে৷ আনহাতে অনুষ্ঠানতখনত মণ্ডল বিজেপি সভাপতি মৃদুল কলিতা, সম্পাদক চন্দন ডেকাৰ লগতে বিজেপিৰ কেইবাজন নেতা কৰ্মী উপস্থিত আছিল৷