newsnextone.com| তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰহাপজান কাণ্ড ২৪ ঘণ্টা পাৰ নহঁওতেই গো-মাংস কেন্দ্ৰিক এক ঘটনাই সমগ্ৰ বৰহাপজান অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে সমাজত সাম্প্ৰদায়িক-ধৰ্মীয় সংঘাত সৃষ্টিৰ লক্ষ্যৰে তিনিচুকীয়া জিলা ডুমডুমা থানাৰ অন্তৰ্গত নতুন বজাৰ, বৰহাপজানৰ মহ‌ম্মদ আজিজ খান ওৰফে মোল্লা(বয়স ২৮ ) নামৰ ব্যক্তিজনে চ'চিয়েল মিডিয়া (ফেচবুক)ত হিন্দু ধৰ্মৰ বিশ্বাস অনুভূতিত আঘাত হানি কৰা সাম্প্ৰদায়িক মন্তব্যৰ ফলস্বৰূপে বৰহাপজানত হোৱা লংকাকাণ্ডৰ বিৰুদ্ধে সদৰ থানাত ৰুজু হোৱা Case No. 1156/18, U/S 153(A)/ 295(A)IPC R/W Sec. 67 IT Act গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা মাত্ৰ কেইঘণ্টামানৰ অন্তৰালতে বৰহাপজানৰ দৈদাম নামৰ গাঁৱত সুদীৰ্ঘদিনৰ পৰা চলি অহা গো-মাংসৰ কচাইখানাত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে৷ 

ঘটনাৰ উমান পাই জিলা প্ৰশাসনে ততালিকে নিৰাপত্তাবাহিনী ঘটনাস্থলীলৈ প্ৰেৰণ কৰাৰ উপৰি অগ্নিনিৰ্বাপক বাহিনী প্ৰেৰণ কৰি জুই নুমুৱাই যদিও অদ্যপি অঞ্চলতটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে৷ স্থানীয় ব্যক্তিসকলে সংবাদ মাধ্যমক জানিব দিয়ামতে অঞ্চলটোত হিন্দু-মুছলমান উভয়ে বছৰ বছৰ ধৰি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে সেয়েহে কোনো দুষ্ট প্ৰকৃতিৰ লোকে ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে সাম্প্ৰদায়িক ভেদাভেদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰিছে বুলি জানিবলৈ দিয়ে৷ যদিহে কোনো ব্যক্তিয়ে কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে তেন্তে সেয়া ওফৰাই পেলাই সকলো পক্ষকে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে৷