newsnextone.com| শিৱসাগৰঃ শিৱসাগৰ জিলাত সাম্প্ৰতিক বিৰাজমান শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি তথা জনজীৱন আৰু সাম্প্ৰতিক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলবৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচ জন বা ততোধিক লোকৰ সমাবেশ, সভা সমিতি পতা, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল'গান ছপা কৰা, কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্য্যালয় আদিত যি কোনো ধৰণৰ বৰঙণি সংগ্ৰহ বা প্ৰদান কৰা নিষিদ্ধ কৰিছে।

আনহাতে জিলাখনত অসামাজিক লোক তথা উগ্ৰপন্থী আইন বিৰুদ্ধ কাৰ্যকলাপৰ আশংকা কৰি দুচকীয়া যানত দুজন বা ততোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰিছে। অৱশ্যে ৬০ বছৰৰ উদ্ধৰ লোক, ১২ বছৰ তলৰ ল'ৰা-ছোৱালী, মহিলা, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।  লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ ৫০ মাইক্ৰন ঘনত্বৰ কম প্লাষ্টিক কেৰীবেগ, যি কোনো ধৰণৰ ধপাত বা ধপাত জাতীয় সামগ্ৰী যেনে গুটখা, ত্ৰিৰংগা, শিখৰ আদি বেচা-কিনা সমগ্র শিৱসাগৰ জিলাত নিষিদ্ধ কৰিছে। 

ইয়াৰোপৰি অসম-নাগালেণ্ড সীমান্তত নৈশ সান্ধ্যা আইন প্ৰবৰ্তন কৰি সীমান্তৰ ৫ কিলোমিটাৰ বেল্টৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ যিকোনো ব্যক্তি আৰু গাড়ী-মটৰৰ চলাচল নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা তৎকালীনভাবে বলবৎ হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। এই আদেশ অমান্যকাৰী সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ'ব বুলি উক্ত নিৰ্দেশত উল্লেখ কৰিছে। শিৱসাগৰ জিলাৰ তথ্য আৰু জনসংযোগ বিভাগে যোৱাকালি এক জাননীৰ জড়িয়তে এই কথা জানিবলৈ দিয়ে ।