newsnextone.com। বাক্সাঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত সংঘটিত হৈছে এক জঘণ্য ধৰ্ষণ কাণ্ড। ইতিমধ্যে আৰক্ষীয়ে ধৰ্ষণ কাণ্ডত জড়িত শশীপুৰ গাওঁৰ লালবাবুৰ পুত্ৰ ফালু অলীক আটক কৰিছে। ১৪ ছেপ্টেম্বৰ শুকুৰবাৰে সন্ধিয়া ফালু আলি নামৰ লোকজনে নিজৰ মাৰুতি ভানখনত ভাড়াতীয়া লৈ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত পাটকীজুলি অঞ্চললৈ গৈছিল।

ভাড়াতীয়া কেইজনক নমাই থৈ আহি থাকোতে ধুৰন্ধৰ ড্ৰাইভাৰ ফালুয়ে পাটকীজুলি অঞ্চলৰ পথত এগৰাকী ১৭ বছৰীয়া কিশোৰীক বাটত লগ পায় আৰু ফুচুলাই ঘৰলৈ নি থৈ আহিম বুলি কৈ কিশোৰীজনীক গাড়ীখনত উঠাই লয়। কিশোৰীজনীক তেনেকৈ গাড়ীত উঠাই বিভিন্ন অঞ্চলত ঘূৰি ফুৰি নিশাৰ ভাগত দৰঙামেলা আৰক্ষী চকীৰ কিছু দূৰৈত থকা দেৱান মাৰ্কেটত কিশোৰীজনীক নমাই থয়।

কিশোৰীজনী সিদিনা ঘৰলৈ নগৈ দৰঙামেলাত সম্পৰ্কীয় ভিনিহিয়েকৰ ঘৰত থাকে। পিছ দিনাখন অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰ সন্ধিয়া কিশোৰী গৰাকীয়ে নিজৰ ঘৰলৈ উভতি গৈ ড্ৰাইভাৰ জনে তাইক ধৰ্ষণ কৰাৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰে।

দেওবাৰে অৰ্থাৎ ১৬ ছেপ্টেম্বৰত কিশোৰী গৰাকীৰ পৰিয়ালে দৰঙামেলা আৰক্ষী চকীত ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰ লাভ কৰাৰ লগে লগেই দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নায়নমনি দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ফালু আলিক দৰঙামেলা অঞ্চলৰ পৰা আটক কৰে।

লগতে  এ.এছ.০১- ৱাই-৬৮০৭ নম্বৰৰ মাৰুতি ভানখনো জব্দ কৰে। আজি অভিযুক্ত ফালুক বাক্সা জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জেল হাজতলৈ প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে।