ধুবুৰীঃ চৰকাৰে মাহেকত দৰমহা দি অহাৰ পিছতো ঘৰ চলাবলৈ ঘোচ লব লগা হয় চৰকাৰী বিষয়াই৷ চৰকাৰী বিষয়াই আন আন কামত ঘোচ লোৱাৰ নজিৰ আছিল যদিও এইবাৰ নতুন ৰেকৰ্ড গঢ়ি এনআৰচিৰ কৰ্মত নিয়োজিত ৰাজ্য চৰকাৰৰ দুই বিষয়াই ঘোচ লৈ ধৰা পৰাৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত হৈছে অসমত৷ নগদ ধন লৈ বিভিন্ন লোকক লিগেচী পৰীক্ষা কৰি দিয়াৰ ব্যাপক অভিযোগ উত্থাপিত হৈ আহিছিল এনআৰচিৰ ধুবুৰীৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ৰ সেৱা কেন্দ্ৰৰ একাংশ বিষয়াৰ বিৰুদ্ধে৷ 

অৱশেষত এগৰাকী লোকৰ অভিযোগৰ ভিত্তিত ধনৰ বিনিময়ত এনআৰচিৰ লিগেচী দাতা পৰীক্ষা কৰা দুই বিষয়া জালত পৰে৷ জানিব পৰা মতে, ধুবুৰী জিলাৰ ধুবুৰীৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয় এনআৰচিৰ সেৱা কেন্দ্ৰত নাম অন্তৰ্ভুক্তিৰ নামত এগৰাকী লোকে টকা বিচাৰাৰ অভিযোগ উত্থাপন কৰে৷ 

নাম অন্তৰ্ভুক্তিৰ বাবে টকা বিচাৰাত লোকজনে আৰক্ষীৰ ওচৰ চাপে৷ তাৰ পিছতে অভিযোগৰ ভিত্তিত ধুবুৰীৰ গড়কাপ্তানী সংমণ্ডলৰ সহ শাখা বিষয়া ফিদ্দুচ জামান আৰু গাঁও পঞ্চায়তৰ সচিব স্বপন দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ লিগেচী পৰীক্ষাৰ নামত ৩০০ টকাকৈ বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল অভিযোগকাৰীয়ে৷