newsnextone.com | ৰৌতাঃ নিৰীহৰ ওপৰত প্ৰশাসনৰ অত্যাচাৰে এটা সময়ত সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছিল। সাধাৰণক মানুহক সন্ত্ৰাসৰ সৈতে জড়িত থকাৰ অচিলা লৈ আৰক্ষী সেনাই শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলাইছিল। সেই মৰ্মান্তিক সময় এতিয়া বহু পৰিমাণে শাম কাটিছে যদিও এতিয়াও যেন ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী চলোৱাৰ নামত সেনা-আৰক্ষীয়ে নিৰ্যাতন চলাই আহিছে সাধাৰণ গঞাৰ ওপৰত।

শেহতীয়াকৈ ওদালগুৰি জিলাৰ ৰানীপুখুৰীত ভাৰতীয় সেনাই নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে। ঘটনাৰ বিৱৰণ অনুসৰি, ওদালগুৰি জিলাৰ ৰানীপুখুৰী ভিচিডিচিৰ অন্তৰ্গত ১নং ঝাৰগাঁও গাঁৱৰ বাসিন্দা তথা পেচাত এজন কাঠ মিস্ত্ৰী ইছলামুদ্দিন আহমেদক অস্ত্ৰ ৰখাৰ সন্দেহত মঙলবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ভাৰতীয় সেনা বাহিনীৰ দল এটাই স্থানীয় প্ৰশাসনৰ সহযোগত নিজ বাসগৃহৰ পৰা আটক কৰি লৈ যায়। 

নিৰ্দোষী ব্যক্তিজনক কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনাত সেনাই আটক কৰি লৈ যোৱাৰ কথা জানিব পাৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে আটকাধীন লোক জনক লগত লৈ সেনাৰ দলটোৱে পুৱা প্ৰায় ৫ বজাত পুনৰ উক্ত গাঁও খনলৈ অভিযান চলাবলৈ আহে। 

এই কথা অঞ্চলটোৰ ৰাইজে জানিবলৈ পাই প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজৰ সহযোগত আমছু, এবিএমছু, এছএমএছ আৰু এমএছইউআইৰ কৰ্মকৰ্তা সকলে সেনাৰ দলটোক আবদ্ধ কৰি ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্দোষী ইছলামুদ্দিন আহমেদক বিনা চৰ্তে মুক্তি দিয়া, অমানৱীয় অত্যাচাৰ চলাই গুৰুতৰভাবে আহত কৰা ব্যক্তিজনক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে ঘটনাস্থলিত প্ৰশাসনৰ কোনো উচ্চ পদস্থ বিষয়া উপস্থিত নোহোৱালৈকে সেনাবাহিনীৰ দলটোক যাবলৈ দিয়া নহব আদি দাবী সমূহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। 

পিছত ঘটনাস্থলিত ভেৰগাঁও মহকুমাৰ এছডিপিঅ' বৰুণ পুৰুকায়স্থ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আটকাধীন ইছলামুদ্দিনক মুকলি কৰি দি সেনাবাহিনীৰ দলটোক লৈ যায় আৰু ব্যক্তিজনৰ চিকিৎসাৰ সমস্ত খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ইছলামুদ্দিন আহমেদক চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।