newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম'মিনৰ খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষী থানাৰ আৰক্ষীয়ে ২৭ জুলাইত এমএন-০৬-টি-০৭৭৭ নম্বৰৰ এখন ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাক জব্দ কৰে ৷ অৱশ্যে ট্ৰাকখনত ইউৰিয়া থকাৰ সন্দেহ কৰা হৈছিল যদিও আৰক্ষীৰ অনুসন্ধানত তাত চুপাৰ ফছফেট আৰু কৃষি কাৰ্যত ব্যৱহৃত অন্যান্য ৰাসায়নিক দ্ৰব্যহে পোৱা গৈছিল ৷ 

আৰক্ষীৰ এক সূত্ৰ মতে ৰাসায়নিক সাৰভৰ্তি ট্ৰাকখনৰ সামগ্ৰীসমূহ গুৱাহাটীৰ পৰা মণিপুৰলৈ নিবৰ বাবে অসম-নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ আছিল ৷ আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত ট্ৰাকখন আৰু তাত থকা কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক দ্ৰব্য সমূহৰ নথি-পত্ৰ সমূহ সঠিকভাৱে পোৱা যায় বুলি জানিব পৰা গৈছে। যদিও বিধায়ক ডা০ নোমল ম'মিনে আৰক্ষীক অৱগত কৰে যে পূৰ্বতেও এনে নথি-পত্ৰৰে অসমৰ কৃষকৰ বাবে যোগান ধৰা চৰকাৰী ৰেহাই মূল্যৰ সাৰভৰ্তি ট্ৰাক মণিপুৰলৈ গৈ থকা অৱস্থাত জব্দ কৰি নথি-পত্ৰ সমুহ ভুৱা বুলি প্ৰমাণিত হৈছিল ৷ 

আনকি অসমৰ চৰকাৰী সুলভ মূল্যৰ সাৰ মণিপুৰলৈ ভুৱা নথি-পত্ৰৰে সৰবৰাহ কৰাৰ এক বৃহৎ চক্ৰই গা কৰি উঠিছে বুলিও বিধায়কগৰাকীয়ে অভিযোগ কৰে ৷ বিধায়ক ডা০ নোমল ম'মিনৰ অভিযোগৰ ভিত্তিত খটখটি আৰক্ষীয়ে সাৰভৰ্তি ট্ৰাকখন জব্দ কৰি এক গোচৰ পঞ্জীয়ন কৰাৰ লগতে অসমৰ চৰকাৰী ৰেহাই মূল্যৰ ৰাসায়নিক সাৰ অবৈধভাৱে মণিপুৰলৈ সৰবৰাহ হোৱা বিষয়টোৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে, বিধায়ক ডা০ নোমল ম'মিনৰ তৎপৰতাতে বিগত বৰ্ষতো অসম চৰকাৰৰ ৰেহাই মূল্যৰ সাৰ মণিপুৰলৈ অবৈধভাৱে সৰবৰাহ কৰা কেইবাখনো ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল যদিও এই অবৈধ সৰবৰাহৰ লগত জড়িত মণিপুৰৰ একাংশ ব্যৱসায়ীয়ে অসম চৰকাৰৰ কৃষি বিভাগৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়াৰে লগলাগি সাৰৰ এই অবৈধ সৰবৰাহ বৰ্তমানেও অব্যাহত ৰাখিছে ৷ 

বোকাজানৰ সচেতনমহলে অসমৰ কৃষকৰ বাবে যোগান ধৰা চৰকাৰী ৰেহাই মূল্যৰ সাৰ মণিপুৰলৈ অবৈধভাৱে সৰবৰাহ, সীমান্তত এখন ট্ৰাকৰ পৰা আন এখন ট্ৰাকলৈ ইউৰিয়া সাৰৰ বস্তা স্থানান্তৰ কৰাৰ লগতে সীমান্তৰ কেইবাটাও গুদামত অসমৰ ৰেহাই মূল্যৰ সাৰ মণিপুৰলৈ নিবৰ বাবে বৃহৎ পৰিমাণত মজুত ৰখা বুলি দাবী কৰে। সাৰৰ এই অবৈধ সৰবৰাহৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা বিধায়ক ডা০ নোমল ম'মিনক কৃষকসকলক তেওঁলোকৰ প্ৰাপ্তি তথা অধিকাৰৰ পৰা বঞ্চিত কৰা কৃষি বিভাগৰ দুৰ্নীতি পৰায়ন বিষয়াসকলক চিনাক্ত কৰি আইনী প্ৰক্ৰিয়াৰে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷