গোলকগঞ্জঃ দেশত নিতৌ সংঘটিত হৈ অহা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰে ধুবুৰীৰ ৰাজ পথলৈ ওলাই আহিল যুৱক-যুৱতী৷ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত সমদল কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷

দিনক দিনে বৃদ্ধি পাই অহা ধর্ষণ কাণ্ডৰ ঘটনাক কঠোৰ হাতেৰে দমন কৰি ধর্ষণকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধুবুৰীৰ বিৰাট নগৰ চাৰিআলি হাইস্কুলৰ পৰা সমদল উলিয়াই৷ সমদল চহৰৰ মাজত প্ৰৱেশ কৰি আকাশ-বতাহ কঁপাই তোলে৷

ছাত্র-ছাত্রী তথা প্ৰতিবাদকাৰীয়ে উন্নাও-কাঠুৱা, ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্রীৰ লগতে অসমত সংঘটিত কেবাটাও ধৰ্ষণ কাণ্ডৰ বলি হোৱা নিৰ্যাতিতাক ন্যায় প্ৰদান কৰি ধৰ্ষণকাৰীৰ ফাঁচীৰ দিয়াৰ দাবী জনায়। 

ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিৰাট নগৰ চাৰিআলি হাইস্কুলৰ ছাত্র-ছাত্রীসকলে ধৰ্ষণকাৰীক ফাঁচী দিয়ক, বিজেপি হায় হায়, চৰকাৰ সাৰ পাওঁক, নাৰী বাচাওঁ, দেশ বাচাওঁ আদি শ্ল’গান দিয়ে৷