লংকাঃ কাঠুৱা কাণ্ডই সমগ্ৰ দেশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ নিৰ্যাতনৰ অভিযুক্ত শিক্ষকৰ সমৰ্থনত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ৰাইজ৷ হোজাই জিলাৰ কাকীত অভিযুক্ত শিক্ষকৰ সপক্ষে ৰাজপথলৈ ওলাই আইজ ৰাইজ৷ 

বুধবাৰে হোজাইৰ কাকী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল বিদ্যালয়খনৰ শিক্ষক চন্দ্ৰ ডেকাৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই ছাত্ৰীগৰাকীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত লংকা আৰক্ষীয়ে অভিযুক্ত চন্দ্ৰ ডেকাক আটক কৰে৷ 

কিন্তু শিক্ষক চন্দ্ৰ ডেকাৰ বিৰুদ্ধে ছাত্ৰীগৰাকী আৰু পৰিয়ালে উত্থাপন কৰা অভিযোগ খণ্ডণ কৰে চন্দ্ৰ ডেকাৰ পৰিয়াল আৰু একাংশ ৰাইজে৷ বৃহস্পতিবাৰে শিক্ষকগৰাকীক আটক কৰাৰ কৰাৰ প্ৰতিবাদত শিক্ষক চন্দ্ৰ ডেকাৰ পৰিয়াল আৰু একাংশ ৰাইজে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য্য আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়ৰ গেটত তলা লগাই দিয়ে৷    

পিছত ঘটনাস্থলীত লংকা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়৷