নগাঁওঃ নগাঁও জিলাৰ ননৈ নিবাসী তথা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ৰামেশ্বৰ বৰা (৭১)ৰ সোমবাৰে নিশা নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। 

দীৰ্ঘদিন ধৰি শ্বাস প্ৰশ্বাস জনিত ৰোগত ভূগি থকা বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধই বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। 

বৃহত্তৰ ননৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সভাপতি আৰু সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰা বৰা এগৰাকী দক্ষ খেলুৱৈ হোৱাৰ উপৰিও অঞ্চলটোত নাট্য জগততো এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছিল। 

শংকৰ সংঘৰ এগৰাকী একনিষ্ঠ সংগঠক হিচাপে পৰিচিত বৰা এজন ভাল কৃষক হোৱাৰ উপৰিও ননৈ অঞ্চলৰ প্ৰথমজন ক্ষুদ্ৰ চাহ খেতিয়ক তথা মীনপালক  আৰু ফুটবল খেলৰ ৰেফাৰী হিচাপেও পৰিচিত আছিল।

তেওঁৰ মৃত্যুত সমগ্র ননৈ অঞ্চলটোতে শোকৰ ছাঁ পৰে। ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন, ননৈ সাহিত্য পৰিষদ, ননৈ মহাবিদ্যালয়, ননৈ কৃষক সংঘ, ফাইটাৰ ক্লাৱ, সাহিত্য সভাৰ ননৈ শাখাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্ন লোকে বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত বৰাই পত্নী আৰু দুই পুত্ৰৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়