ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত শনিবাৰে স্থানীয় ব্যৱসায়ীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়া চেম্বাৰ্ছ অৱ কমাৰ্চৰ নেতৃত্বত ডকাইতি কাণ্ড ৰোধ কৰা, সাধাৰণ ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ এদিন পূৰ্বে ৰঙিয়া ব্যৱসায়ী সন্থাৰ সম্পাদক মজিবুৰ ৰহমানক দুৰ্বত্তই লুটি নিয়াত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ জীৱন সম্পত্তিৰ সুৰক্ষাৰ দাবীত ব্যৱসায়ীসকলে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷

ব্যৱসায়ীৰ অভিযোগ মতে ৰঙিয়াত দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে৷ এক কথাত কবলৈ গলে ৰঙিয়া হৈ পৰিছে দুৰ্বৃত্তৰ ৰম্যভূমি৷ নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই যেতিয়া ইচ্ছা তেতিয়াই যিকোনো লোকক লুটি নিব পাৰে দুৰ্বৃত্তই৷ এইবাৰ জালত পৰিল প্ৰক্তন আছু নেতা৷ কামৰূপ জিলা আছুৰ অধীনৰ পুঠিমাৰি আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানক বৃহস্পতিবাৰে নিশা লুটি নিয়ে৷

তাৰ পিছতে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ শংকিত হৈ পৰা ব্যৱসায়ীসকলে শনিবাৰে ব্যৱসায় প্ৰতিষ্ঠান এৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ব্যৱসায়ী আৰু সাধৰণ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়৷

ৰঙিয়া ব্যৱসায়ী সন্থাৰ সম্পাদক তথা প্ৰাক্তন আছুৰ নেতা মজিবুৰ ৰহমানে বৃহস্পতিবাৰে নিশা ৰঙিয়া চহৰৰ পৰা দোকান বন্ধ কৰি নিজ গৃহলৈ গৈ থকাৰ সময়ত বাইকত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে লুটি নিয়ে৷ জানিব পৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত ৰহমানে ৰঙিয়া বজাৰস্থিত আলু-পিয়াজৰ পাইকাৰী দোকান বন্ধ কৰি চহৰৰ সমীপৰ ৰঙিয়া শৌলমাৰীৰ নিজগৃহলৈ গৈ আছিল৷ ৰহমানক ৰঙিয়া আৰক্ষী থানাৰ সন্মুখৰ পৰাই দুখন বাইকে পিছ লয়। 

ৰহমানে বাইকেৰে গৈ নিজ ঘৰৰ পদুলি মুখ পোৱাৰ লগে লগে দুখন বাইকত অহা চৰিজন যুৱকে তেওঁৰ বাইকৰ ওচৰতে বাইক দুখন ৰখাই। যুৱকৰ দলটোৱে বাইকৰ পৰা নামি ৰহমানৰ সৈতে থকা বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰে৷ ৰহমানে বেগটো এৰি নিদি খণ্ড যুদ্ধত লিপ্ত হয়। লগে লগে দলটোৰ মাজৰ এজন যুৱকে পিষ্টল উলিয়াই গুলিয়াবলৈ চেষ্টা কৰোতে ব্যৱসায়ী জনে বেগটো এৰি দিয়াত বেগটো লৈ চাৰিওজন যুৱকে মটৰ চাইকেলেৰে উধাও হয়। 

ব্যৱসায়ী জনে চিঞৰ-বাখৰ কৰাত বাইক দুখন ৰখাবলৈ এজন যুৱকে পথত লোৰ ৰড দি আগভেটা দিছিল যদিও বাইকদুখন ৰখাৱ নোৱাৰিলে। যাৰ ফলত গমিৰ আহমেদ নামৰ স্থানীয় যুৱকজনো আহত হয়। ইফালে আহত ব্যৱসায়ীজনক লগে লগে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। যোৱা ৬ মাহত কেইবাটাও এনে কাণ্ড সংঘটিত হৈছে৷