newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

পঢ়ক এইটো বাতৰি ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আকাশত তিৰবিৰাব, যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক

তাৰ লগে লগে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য প্ৰকাশ কৰি কোনো লোকক জোৰজুলুম কৰা নহ'ব বুলি কয়। চূড়ান্ত তালিকাত নাম নহা সকলে বিদেশী ন্যায়াধিকৰণলৈ যাব পাৰে বুলি কৈ কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি কয়। এয়া চূড়ান্ত তালিকা নহয়। একাংশ লোকে অনাৱশ্যক ভুৱা প্ৰচাৰ কৰি ভয়ৰ সৃষ্টি কৰিছে। ৰিপৰ্ট সম্পূৰ্ণ নিৰপেক্ষ।