newsnextone.com। বঢ়মপুৰঃ স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত আজি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে সদৌ তিৱা ছাত্ৰ সন্থা,সদৌ তিৱা মহিলা সন্থা,মৰিগাঁও জিলা ট্ৰাইবেল সংঘকে আদি কৰি ৭টা তিৱা জাতীয় সংগঠনে। 'গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ ২০১৭ বিধেয়কৰ' বিৰুদ্ধে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠনকেইটাৰ সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম চৰকাৰে কামৰূপ (ম), কামৰূপ (গ্ৰাম্য), মৰিগাঁও, দৰং আৰু নলবাৰী এই পাঁচখন জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিক সামৰি ৰাজধানী ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিবৰ বাবে 'অসম ৰাজ্যিক ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ ২০১৭' বিধেয়কখন বাজেট নিৰ্ধাৰণ কৰাৰ সিদ্ধান্তত লোৱাক লৈ সৰব হৈ পৰে মধ্য অসমৰ জাতীয় সংগঠনসমূহ। আজি মধ্য অসমৰ ৭টা কৈ জাতীয় সংগঠনে ৰাজপথত উলাই আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। 

জাগীৰোডৰ ৰাজপথত দল সংগঠন সমূহে খিলঞ্জীয়া বিৰোধী চৰকাৰ হায় হায়, বিজেপি হায় হায় ,অসম চৰকাৰ হায় হায়, জনজাতি বিৰোধী চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায়,পিয়ূষ হাজৰিকা হায় হায়, পিয়ূষ হাজৰিকা গ'বেক, খিলঞ্জীয়াক ভূমি সুৰক্ষা প্ৰদান কৰক, তিৱা সকলক ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদকাৰী সকলে সততে খিলঞ্জীয়াৰ অধিকাৰ-সুৰক্ষা,জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোনোৱালক হাতে কামে কৰি দেখুৱাবলৈ আহ্বান জনোৱাৰ লগতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক সদনত এই কথা উত্থাপন কৰিবলৈ আহ্বান জনায়। 

চৰকাৰে বাৰে বাৰে জনজাতীয় লোকসকলৰ ভূমি আইন ভংগ কৰাৰ প্ৰচেষ্টা কৰি আহিছে। যদিহে চৰকাৰে আমাৰ দাবী সমূহ মানি নলয় প্ৰাণ দি হলেও ভূমি ৰক্ষা কৰিবলৈ প্ৰতিবাদকাৰীসকল প্ৰস্তুত। সৰ্বানন্দ সোনোৱাল এজন জনজাতীয় লোক তেখেতক জনজাতি বিৰোধী কাৰ্য্যকলাপৰ পৰা বিৰত থাকিবলৈ সংগঠনকেইটাই সকিয়াই দিয়ে।