মাৰ্ঘেৰিটাঃ ৰাজ্যত ইটো ধৰ্ষণ কাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই সিটো ধৰ্ষণ কাণ্ড সংঘটিত হ’ব ধৰিছে৷ ৰাজ্যত এইবাৰ শিশুক যৌন নিৰ্যাতন চলোৱাৰ দৰে কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷ লজ্জাজনক কাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনত৷

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপঙত সংঘটিত হৈছে লজ্জাজনক কাণ্ড৷ দ্বিতীয় মান শ্ৰেণীৰ পঢ়ি থকা ৬ বছৰীয়া লৰা সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে চুবুৰীয়াৰ বিৰুদ্ধে৷ 

চুবুৰীয়া শ্বেখৰ আলী নামৰ যুৱক জনে দেওবাৰে দিনৰ প্ৰায় ৪ বজাত খেলি থকাৰ সময়তে শিশুটোক ফুচুলাই নিৰ্জন ঠাইলৈ নি অসত কাৰ্যত লিপ্ত হোৱাৰ তথা প্ৰকাশ কৰে৷ শিশুটোৱে কান্দি কান্দি সমস্ত কথা পিতৃক অৱগত কৰাত পৰিয়ালে লেখাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চুবুৰীয়া শ্বেখৰ আলী   আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

লেখাপানী আৰক্ষীয়ে ৪৩/২০১৮ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ ধাৰা আৰু পক্সো আইনৰ অধিনত গোচৰ পঞ্জীয়ন কৰি শ্বেখক আদালতত হাজিৰ কৰে৷ ৰাজ্যখনত এটাৰ পাছত আনটো ধৰ্ষণৰ দৰে সামাজিক কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পোৱাত কেন্দ্ৰৰ মোডী চৰকাৰে পক্সো আইন সংশোধনৰ কৰি ধৰ্ষণকাৰীক ফাঁচী দিয়া কেবিনেট সিদ্ধান্ত লোৱাৰ পিছতো ৬ বছৰীয়া কিশোৰক নিৰ্যাতন চলোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্ট কৰে৷