গোৰেশ্বৰঃ কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বাক্সা জিলাৰ গোৰেশ্বৰ উত্তাল হৈ থকাৰ মাজতে শুকুৰবাৰে অভিযুক্ত শিক্ষকৰ পক্ষত থিয় দিলে সতীৰ্থ শিক্ষক, ছাত্ৰী-ছাত্ৰী তথা স্থনীয় ৰাইজ৷ কেবাটাো সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাই শনিবাৰে অন্য মোৰ লয়।

ঘটনাৰ প্ৰতিক্ৰিয়াৰ অব্যাহত থকাৰ মাজতে শনিবাৰে বেতনা কাউৰবাহা মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ফিদ্দুছৰ ৰহমানক বাক্সা জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰশান্ত বৰাই মুছলপুৰৰ পৰা জাৰি কৰা এক নিৰ্দেশ যোগে চাকৰিৰ পৰা নিলম্বন কৰে। আনহাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত শনিবাৰে প্ৰায় ১০ বজাত প্ৰধান শিক্ষক গৰাকীৰ সমৰ্থনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

ৰাজহুৱা সভাত একাংশ লোকে প্ৰধান শিক্ষক ফিদ্দুছৰ ৰহমানৰ পক্ষত থিয় দি এই ঘটনাক একাংশই ৰাজনৈতিক ৰহন সানি অন্য ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰে। যোৱা ২ অক্টোবৰত গোৰেশ্বৰৰ টাউনৰ এগৰাকী ব্যৱসায়ীৰ ৯ বছৰীয়া তথা চতুৰ্থ শ্ৰেণীৰ কন্যাক ছবি শিকিবলৈ আহোতে প্ৰধান শিক্ষক ফিদ্দুছৰ ৰহমানে যৌন নিৰ্যাতন চলোৱা বুলি মাতৃয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত গোৰেশ্বৰ থানাত বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে থানা চৌহদ ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইয়াৰ বিপৰীতে প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষকতা কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক-অভিভাৱিকা আৰু স্থানীয় লোকে ৰাজহুৱা সভা অনুষ্ঠিত কৰি অভিযুক্তৰ পক্ষত থিয় দিয়াক ঘটনাই অন্য মোৰ লয়।

ছাত্ৰ-ছাত্ৰী সকলে আমাক হেডছাৰ লাগিবই, আমাৰ ছাৰ নিৰ্দোষী, ঘটনাৰ ৰাজনীতিকৰণ কৰা নচলিব আদি শ্ল’গান দিয়াৰ লগতে প্লেকাৰ্ড প্ৰদৰ্শন কৰে। ইপিনে শনিবাৰে অনুষ্ঠিত ৰাজহুৱা সভাত বিটিচিৰ আৰক্ষী মহা পৰিদৰ্শকলৈ এই ঘটনাৰ উচিত তদন্ত বিচাৰি এখন লিখিত আবেদন পত্ৰ প্ৰেৰণ কৰে। আবেদন পত্ৰত প্ৰধান শিক্ষকক এনেদৰে যৌন নিৰ্যাতনৰ অভিযুক্ত কৰাৰ অন্তৰালত গভীৰ ষড়যন্ত্ৰ লুকাই আছে বুলি উল্লেখ কৰা হৈছে।

প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে এনে অভিযোগ মানি ল'ব নোৱাৰি আৰু এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰা হৈছে। ইপিনে যোৱা পাঁচ দিনে প্ৰধান শিক্ষক গৰাকী অনুপস্থিত থকাত বিদ্যালয় পৰিচালনাতো ষথেষ্ঠ অসুবিধা হোৱা বুলি আবেদনখনত কোৱা হৈছে। বিদ্যালয়খনৰ অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীয়ে শীঘ্ৰে তেওঁলোকৰ প্ৰধান শিক্ষকক অভিযোগ মুক্ত কৰি দিয়াৰ দাবী জনায়৷

অন্যথা অনিৰ্দিষ্টকাললৈ বিদ্যালয়খনত তলা বন্ধ কাৰ্যসূচীত ৰূপায়ণ কৰা হ'ব বুলিও সদৰী কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী প্ৰশাসনে অভিযুক্তক এতিয়াও কাৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। শুকুৰবাৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে ২৪ ঘন্টাত ফিদ্দুছৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হ'ব বুলি দল-সংগঠনৰ আগত আশ্বাস দিছিল যদিও বাতৰি লিখা পৰলৈকে অভিযুক্ত প্ৰধান শিক্ষক গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই৷