newsnextone.com।খেৰণিঃ চিপাহী বিদ্ৰোহ নহয়, এইবাৰ বিদ্যালয়ৰ চৌহদত আকোঁৰগোজকৈ চলিল ছাত্ৰ-ছাত্ৰীৰ বিদ্ৰোহ। অতি পৰিতাপৰ বিষয় যে বিদ্ৰোহৰ সৃষ্টি হ'ল পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ' জৱাহৰ নৱোদয় বিদ্যালয়খনত। অধ্যক্ষ দীনেশ বাবু যাদৱৰ বিৰুদ্ধে উত্থাপিত হল বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সীমাহীন অভিযোগ।

কেৱল চলে বিদ্যালখনত অধ্যক্ষৰ মইমতালি, কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে। অভিযোগ অনুসৰি বিদ্যালয়খনত নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই খেলৰ যাৱতীয় সামগ্ৰী, নাই পুথিভঁৰালত প্ৰয়োজনীয় কিতাপ-পত্ৰ, আনকি নাই বিজ্ঞান শাখাৰ দুটাকৈ বিষয়ৰ বিষয় শিক্ষক। যাৰ পৰিপ্ৰেক্ষিতত বৈঠালাংছ' জৱাহৰ নৱোদয় বিদ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে পুৱাৰে পৰা প্ৰতিবাদেৰে উত্তাল হল বিদ্যালয়ৰ চৌহদ।

এনেবোৰ সমস্যাৰে জৰ্জৰিত কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালী খেলাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বৈঠালাংছ জৱাহৰ নৱোদয় বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে সচেতন মহলে। প্ৰতিবাদ সাব্যস্ত কৰি আকোঁৰগোজকৈ অধ্যক্ষক বদলিৰ দাবী তুলিছে ছাত্ৰ-ছাত্ৰীসকলে। আনকি প্ৰতিবাদৰ মাজতেই চিঞৰি চিঞৰি  অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক কৰা দুৰ্ব্যৱহাৰৰ কথাও উল্লেখ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰখৰ ৰ'দকো নেওচি উই ৱান জাষ্টিছ, গ’ বেক প্ৰিন্সিপাল, উই ৱান ট্ৰেন্সফাৰ আদি শ্লোগান দি উত্তাল কৰি তোলে বিদ্যালয়ৰ চৌহদ। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলক বুজনি দিবলৈ হামৰেন জিলা প্ৰশাসনৰ তথা অতিৰিক্ত জিলা উপায়ুক্তও প্ৰতিবাদস্থলীত উপস্থিত হয় যদিও কিন্তু ছাত্ৰ-ছাত্ৰীক বুজনি দিয়াত ব্যৰ্থ হয়।

ইফালে মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষৰ নেতৃত্বত কেইগৰাকীমান শিক্ষক আহি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলক বুজনি দিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। শেহতীয়াকৈ জৱাহৰ নৱোদয় বিদ্যালয়ৰ উৰ্ধতম কৰ্তৃপক্ষই তথা উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলঙত অৱস্থিত কাৰ্যলয়ৰ বিষয়াই  ছাত্ৰ-ছাত্ৰীৰ দাবীৰ প্ৰতি সেও মানি ততালিকৈ অধ্যক্ষ দীনেশ বাবু যাদৱক বদলিৰ নিৰ্দেশ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেহে প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে অন্ন গ্ৰহণ কৰিবলৈ যায়। উল্লেখ্য যে প্ৰখৰ ৰ'দ ৰ ফলত একাংশ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী মাটিত ঢলি পৰা দৃশ্যও দেখিবলৈ পোৱা যায়।