newsnextone.com। ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অধীনত পাঁচজনীয়া বিচাৰ পীঠে অৱশেষত আধাৰ কাৰ্ডৰ ওপৰত ন্যায়ালয়ে ৰায় প্ৰদান কৰে৷

২০১৬ চনৰ আইনৰ সাংবিধানিক বৈধতা প্ৰদানৰ ক্ষেত্ৰত আবেদনকাৰীয়ে যি প্ৰত্যাহ্বান জনাইছিল তাৰ ওপৰত উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷

আধাৰক সাংবিধানিক বৈধতা ঘোষণা কৰাৰ পাছত ন্যায়ালয়ে চৰকাৰক ডাটা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ কয় যদিও আদালতে জনসাধাৰণক সকাহ দি কিছু গুৰুত্বপূৰ্ণ আদেশ জাৰি কৰে৷

বৰ্তমানে প্ৰত্যকেটো কামৰ ক্ষেত্ৰত আধাৰ লিংকক লৈ দেখা দিয়া সমস্যাই জনসাধাৰণক এই ৰায়ে কিছু উপশম ঘটাব বুলি আশা কৰা হৈছে৷ ‘‘শিক্ষাই আমাক অশিক্ষিতৰ পৰা শিক্ষিত কৰে, কিন্তু প্ৰযুক্তিয়ে আমাক পুনৰ আঙুলিৰ চাপ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে -এই বুলি আদালতৰ সিদ্ধান্ত পাঠ কৰি ন্যায়াধীশ চীকৰিয়ে কয়৷ আনহাতে আদালতে কি কি বিষয়ত আধাৰৰ বৈধতা অনিবাৰ্য নহয় সেই বিষয়ত ন্যায়ালয়ে ইয়াৰ শুনানি প্ৰদান কৰে৷ বিষয় সমূহ তলত উল্লেখ কৰা ধৰণৰঃ –

আদালতৰ মতে বৰ্তমান বিদ্যালয়ৰ নামভৰ্তি ক্ষেত্ৰত আধাৰ কাৰ্ডৰ অনিবাৰ্য নহ’ব৷ -লগতে UGC, NEET আৰু CBSE ৰ পৰীক্ষাৰ ক্ষেত্ৰত আধাৰ প্ৰয়োজন অনিবাৰ্য নহয় বুলি কয়৷ -ম’বাইল নম্বৰৰ দ্বাৰা আধাৰ লিংক কৰাৰ প্ৰয়োজন নাই বুলি আদালতে ঘোষণা কৰে৷ -নতুন ছিম ল’বলৈ আধাৰ নম্বৰ লিংক কৰাৰ প্ৰয়োজন নাথাকিব৷ -পান কাৰ্ডৰ লগত আধাৰৰ লিংক কৰিব লাগিব৷

লগতে আয়কৰ ৰিৰ্টন ফাইল খুলিবলৈ আধাৰৰ প্ৰয়োজন হ’ব কিয়নো সিদ্ধান্ত মতে আয়কৰ ধাৰা 139AA বৰ্তমানে বাহাল ৰখা হৈছে৷ -বেংক একাউন্ট খুলিবলৈ আধাৰ লিংকৰ প্ৰয়োজন অনিবাৰ্য নহ’ব৷ -আদালতে আধাৰ আইনৰ ধাৰা 57, 2(d) শেষ কৰি প্ৰাইভেট কোম্পানীক আধাৰ দিয়াৰ প্ৰয়োজন নাই বুলি কয়৷

পেটিএমৰ বাবে আধাৰ লিংক কৰাৰ প্ৰয়োজন নায়৷ শেহতীয়াকৈ আদালতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়৷ চৰকাৰ নতুবা যিকোনো কোম্পানীয়ে আধাৰ নম্বৰক ছয়মাহতকৈ অধিক সময় জমা ৰাখিব নোৱাৰিব৷ পূৰ্বে ইয়াৰ সময়কাল ৫ বছৰ আছিল যদিও আদালতৰ এই সিদ্ধান্তৰ জনসাধাৰণৰ বাবে সুবিধাজনক হ’ব বুলি আশা কৰা হয়৷