newsnextone.com | মৰিগাঁওঃ মধ্য অসমত সহজ-সৰল জনগোষ্ঠীয় লোকক ধৰ্মান্তৰিত কৰাৰ বাবে এখন বৃহৎ জাল পেলোৱা বুলি দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে৷ বিশেষকৈ মৰিগাঁও জিলাৰ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত এটি চক্ৰই দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি হিন্দু ধৰ্ম পৰা একাংশ লোকক ধৰ্মান্তৰিত কৰাৰ প্ৰচেষ্টা কৰি অহা বুলি অভিযোগ উত্থাপন হয়৷ মৰিগাঁও জিলাৰ সিধাবাৰী অঞ্চলত ধৰ্মান্তৰকৰণক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। বিশেষকৈ গীৰ্জা স্থাপন কৰিবলৈ প্ৰচেষ্টা চলোৱা বুলি অঞ্চলটোত খবৰ প্ৰচাৰ হোৱাত স্থানীয় মহিলাই ৰাজ পথলৈ ওলাই অহাত উত্তেজনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত সিধাবাৰীত নতুনকৈ কেইবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে বুলি জদানিব পৰা যায়৷ ধৰ্ম পৰিৱৰ্তন কৰা লোকসকলে শেহতীয়াকৈ অঞ্চলটোত এটি গীৰ্জা স্থাপন কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি এক খবৰ প্ৰচাৰ হয়। ইয়াৰ পিছতে অঞ্চলটোত ধৰ্মান্তৰকৰণক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰাৰ লগে লগে স্থানীয় মহিলাৰ ক্ৰমান্বয়ে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিব ধৰিছে। 

অঞ্চলটোৰ বহু সংখ্যক মহিলাই ইয়াৰ বিৰুদ্ধে সৰৱ পৰে সময়ে সময়ে প্ৰতিবাদ জনাই আহিছে৷ তাৰ মাজতে পুনৰ প্ৰতিবাদমূখৰ হৈ পৰিছে মহিলাসকল৷ ইয়াৰ পিছতে এখন সংঘৰ্ষ সৃষ্টিৰ বাবে সুযোগ ল'বলৈ চেষ্টা কৰা কোনো দুৰ্বৃত্তই একাংশ লোকৰ ঘৰলৈ শিলগুটি নিক্ষেপ কৰাৰ পিছৰে পৰা পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাব বুলি আশংকা কৰা হৈছে৷ 

জানিব পাৰ মতে, মৰিগাঁও জিলাৰ সিধাবাৰীৰ তিৱা জনজাতি অধ্যুষিত অঞ্চলটোৰ এটা পৰিয়ালে প্ৰায় এক দশক পূৰ্বে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ পিছত এটি বিশেষ সংস্থাৰ ছত্ৰছায়াত আন কেইবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। অঞ্চলটোত এনেদৰে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ বিপৰীতে একাংশ স্থানীয় লোক ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে। এইসকল লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকসকলক পুনৰ হিন্দু ধৰ্মলৈ উভতি আহিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন হয়।

ক্ৰমান্বয়ে অঞ্চলটোত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। শেহতীয়াকৈ নতুনকৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকসকলে এজন লোকৰ ঘৰত এক পৰ্ব অনুষ্ঠিত হয়। এই পৰ্বত অঞ্চলটোৰ বাহিৰৰ কেইবাজনো লোকে উপস্থিত থাকে বুলি জনা গৈছে। ধৰ্মীয় পৰ্বৰ দ্বাৰা গীৰ্জাৰ নিৰ্মাণৰ শুভৰাম্ভ কৰা বুলি খবৰ বিয়পি পৰাত বহুসংখ্যক স্থানীয় মহিলাই ওলাই আহি উক্ত অঞ্চলত গীৰ্জা নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে। 

আনহাতে সিধাবাৰী অঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলৰো বহুসংখ্যক লোকৰ উপস্থিতিত সিধাবাৰীস্থ শিল্পী ভোগৰাম দাস ৰংগমঞ্চত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এনেবোৰ ঘটনাৰ ফলত অঞ্চলটোত ব্যাপক উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে কোনো দুৰ্বৃত্তই একাংশ লোকৰ ঘৰলৈ শিলগুটি নিক্ষেপ কৰি পৰিস্থিতি অধিক অৱনতিৰ চেষ্টা চলাই বুলি অভিযোগ উত্থাপন হয়। ইয়াৰ পিছতে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা কেইবাটাও পৰিয়াল আৰক্ষী-প্ৰশাসনৰ ওচৰ চাপিছে। 

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ জনজাতি অধ্যুষিত বহুকেইটা অঞ্চলত বিগত কেইবাবছৰৰ পৰা ব্যাপক হাৰত ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। এইক্ষেত্ৰত এটি বিশেষ সংস্থাই উদ্যোগ গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে। আনহাতে বিভিন্ন ক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হৈ অহা কিছু লোকে এনে বৈষম্যৰ পৰা মুক্তি লাভ কৰাৰ উদ্দেশ্যে ধৰ্মান্তৰিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে মৰিগাঁও জিলা হিন্দু জাগৰণ মঞ্চই জিলাখনত অব্যাহত থকা ধৰ্মান্তৰকৰণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে।