newsnextone.com | কাজিৰঙাঃ দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বোকাখাতত বিশ্ব বাঘ দিৱস উদযাপন কৰা হয়। বোকাখাত মহকুমা প্ৰশাসন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত বিশ্ব বাঘ দিৱস উদযাপন কৰা হয় ৷ 

বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত পালন কৰা বাঘ দিৱস আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেবিনেট মন্ত্ৰী অতুল বৰাই মহকুমা প্ৰশাসনৰ উদ্যোগত বাঘ দিৱস উদযাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ 

বাঘ-মানুহ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠানক আন্তৰিকতাৰে কাম কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ বিশ্ব প্ৰকৃতি নিধিৰ হৈ ড০ প্ৰনৱ জ্যোতি বৰাই বাঘে মৰা পশুধনৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকক বৰ্তমানতকৈ অধিক ক্ষতিপূৰণ দিয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহনৰ বাবে মন্ত্ৰী অতুল বৰাক অনুৰোধ জনায় ৷ 

অনুষ্ঠানত 'বাঘ সংৰক্ষণত সৰ্বসাধাৰণ ৰ দায়বদ্ধতা' শীৰ্ষক বিষয়ৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই বাঘ গণনা, ব্ৰাঘ্য প্ৰকল্প  বাঘৰ প্ৰয়োজনীয়তা, প্ৰাকৃতিক ভাৰসাম্যতাত বাঘৰ ভুমিকা আৰু বাঘ সংৰক্ষণ সম্পৰ্কত উপস্থিত লোকৰ সৈতে মত বিনিময় কৰে৷

অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, নেতৃস্থানীয় লোক, জেষ্ঠ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীয়েও অংশ গ্ৰহণ কৰে ৷ আলোচনাত স্থানীয় জেষ্ঠ নাগৰিক, ডা০ বোধেশ্বৰ গগৈ, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু স্থানীয় জ্যেষ্ঠ সাংবাদিকসকলে অংশ গ্ৰহণ কৰে ৷

বিশ্ব বাঘ দিৱসত অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন আৰু পশুপালন আৰু পশু চিকিৎসা  বিভাগৰ সঞ্চালক ডা০ অনুপ কুমাৰ দাস, পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াই। গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, অতিৰিক্ত উপায়ুক্ত উৎপল দলে, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতি, ৰাজহ চক্ৰ বিষয়া খনিন দাস আৰু মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াও উপস্থিত থাকে ৷ 

আনহাতে, ওৰাং বাঘ সংৰক্ষিত এলেকাৰ উদ্যোগত তথা অৰণ্য সুৰক্ষা সমিতিৰ সহযোগত গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত গোলকীয় বাঘ দিৱস উদযাপন কৰা হয়। পুৱা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

১২ বজাৰ পৰা গোলকীয় বাঘ দিৱসৰ সৈতে সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। জয়ন্ত কুমাৰ ব্ৰহ্ম, ৰমেশ কুমাৰ গগৈ, দৰং সংমণ্ডলৰ ডি এফ অ', খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুধিন চন্দ্ৰ হাজৰিকা, অৰণ্য সুৰক্ষা সমিতিৰ সচিব প্ৰধান ড০ হৰিচৰণ দাস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰায়, ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰৱন্ধক পংকজ সভাপণ্ডিতে আলোচনা সভাত অংশ গ্ৰহণ কৰে।