ওদালগুৰিঃ মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতা শনিবাৰে গধুলি ৬:০০ মান বজাত উপস্থিত হয় ওদালগুৰি জিলা কংগ্ৰেছৰ কাৰ্যলয়ত। দুপৰীয়া ১২ বজাত প্ৰাৰ্থী গৰাকী ওদালগুৰিত উপস্থিত হোৱাৰ কথা আছিল। সেইমতে ওদালগুৰি বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মীসকল জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয়। ইয়াৰ পাছত দলীয় সমৰ্থকে বিপুলভাৱে আদৰণি জনায় নেতাগৰাকীক। 

দলীয় কৰ্মীসকলক উদ্দেশ্যে দিয়া ভাষণত এইবাৰ মংগলদৈ লোকসভা সমষ্টিটো কংগ্ৰেছে উদ্ধাৰ কৰাতো নিশ্চিত বুলি মন্তব্য কৰি দলীয় কৰ্মীসকলক নিৰ্বাচনী যুঁজৰ বাবে কঁকালত টঙালী বান্ধিবলৈ আহ্বান জনায়। কলিতাৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ শান্তিয়াচ কুজুৰ,   দুৰ্গাদাস বড়ো, ওদালগুৰিৰ প্ৰাক্তন বিধায়ক জমনসিং ব্ৰহ্ম আৰু ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি কুমাৰ বসুমতাৰী তথা দলীয় নেতাসকল। 

উক্ত সভাত এক সুখৰ আছে বুলি উল্লেখ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে দুৰ্গা দাস বড়োক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি ঘোষনা কৰে। ইপিনে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ভুবনেশ্বৰ কলিতাই মংগলদৈ লোকসভা সমষ্টিত বিজেপিয়ে ১৫ বছৰে একোৱে নকৰা বুলি সমালোচনা কৰে। সমষ্টিটোত নিবনুৱা সমস্যা সমাধানৰ বাবে উদ্যোগ গঢ়াৰ কথা ঘোষণা কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ প্ৰাৰ্থী কলিতাই বিজেপিক প্ৰতিৰোধ কৰাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শক্তিসমূহক একত্ৰিত হোৱাৰ কথা উল্লেখ কৰি এক প্ৰকাৰ সমষ্টিটোত এ আই ইউ ডি এফৰ সৈতে বুজা বুজি হোৱাৰ ইংগিত প্ৰদান কৰে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব পালে কোকৰাঝাৰ সমষ্টিৰ সকলো জনগোষ্ঠীৰ সম-বিকাশৰ হকে কংগ্ৰেছৰ নীতিৰে কাম কৰিব বুলি দুৰ্গাদাস বড়োৱে সাংবাদিকৰ ওচৰত মন্তব্য কৰে।