internet

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত প্ৰৱৰ্তন কৰা জিএছটিৰ পৰা এপ্ৰিল মাহত ১.০৩ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে৷ বিগত বৰ্ষৰ ১ জুলাইৰ পৰা দেশৰ অৰ্থব্যৱস্থাত লাগু হোৱা জিএছটিৰ পৰা দেশৰ অৰ্থৱ্যৱস্থা অধিক লাভাৱম্বিত হৈছে৷ ২০১৭-১৮ বৰ্ষত জিএছটিৰ পৰা সংগ্ৰহিত মুঠ ৰাজহৰ পৰিমাণ আছিল ৭.৪১ লাখ কোটি টকা৷ কেৱল মাৰ্চ মাহতে জিএছটিৰ পৰা কেন্দ্ৰৰ বিত্ত বিভাগে সংগ্ৰহ কৰিছিল ৮৯,২৬৪ কোটি টকা৷  

‘‘এপ্ৰিল মাহত জিএছটিৰ পৰা ৰাষ্ট্ৰই সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হ’ল ১,০৩,৪৫৮ কোটি টকা৷ ইয়াৰ ভিতৰত ১৮,৬৫২ কোটি চিজিএছটি, ২৫,৭০৪ কোটি এছজিএছটি, ৫০,৫৪৮ কোটি আইজিএছটি আৰু ৮,৫৫৪ কোটি চেচ আছে৷’’ মঙলবাৰে ভাৰতৰ বিত্ত মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিযোগে এই কথা সদৰী কৰে৷ জিএছটিয়ে দেশৰ অৰ্থব্যৱস্থাৰ উত্থান ঘটোৱাৰ লগতে দেশত এক সুস্থ অৰ্থনৈতিক পৰিৱেশ গঢ় দিছে বুলিও বিত্ত মন্ত্ৰালয়ে বিবৃটোত উল্লেখ কৰে৷  

বিত্ত মন্ত্ৰালয়ৰ বিবৃতিৰ পিছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে জিএছটিৰ লাভজৱক স্থিতিৰ প্ৰতি উৎসাহ দেখুৱাই এক টুইট যোগে কয় যে জিএছটি দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ বাবে এক ঐতিহাসিক সংস্কাৰ৷ চৰকাৰে প্ৰৱৰ্তন কৰা জিএছটিৰ বাবে দেশৰ অৰ্থ ব্যৱস্থাত ফলজনক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে৷ এয়া মাথো আৰম্ভনিহে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে জিএছটিৰ পৰা ভৱিষ্যতে অধিক অৰ্থনৈতিক উত্থান সম্ভৱ হ’ব বুলিও টুইট যোগে মন্তব্য কৰে৷ 

বিত্ত মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰা অনুসৰি এপ্ৰিল মাহৰ অন্তিম পৰ্যায়লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা সংগ্ৰহিত মুঠ ৰাজহৰ কেন্দ্ৰীয় জিএছটিৰ ৰাজহ হৈছে ৩২,৪৯৩ কোটি টকা আৰু ৰাজ্য জিএছটি হৈছে ৪০,২৫৭ কোটি টকা৷ 

আনহাতে, যিহেতু বিত্তীয় মন্ত্ৰালয়ে জাৰি কৰা ৰাজহ তথ্য বছৰৰ আধা মাহ পৰ্যন্তহে সদৰি কৰা হৈছে, গতিকে বিত্ত মন্ত্ৰালয়ে জাৰি কৰা তথ্য বছৰৰ শেষ পৰ্যায়লৈকে একে নাথাকি ৰাজহ সংগ্ৰহৰ পৰিমাণ পিছলৈ কমি যাব পাৰে বুলিও বহু অৰ্থনীতিবিদে অভিমত ব্যক্ত কৰিছে৷