গুৱাহাটীঃ ছ'চিয়েল মিডিয়াত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি লিখা পোষ্ট এটাৰ বাবে গ্ৰেপ্তাৰ হৈছে পৰিমল গোড় নামৰ এজন যুৱক। আছুক জাতীয়তাবিৰোধী বুলি কোৱা উক্ত পোষ্টটোত পৰিমলে সোণোৱালকো সুবিধাবাদী বুলি ক’বলৈ এৰা নাই। আঞ্চলিকতাবাদক 'লাঠ মাৰি’ সোণোৱালে আছুৰ বলতে 'জাতীয় নায়ক’ আখ্যা পোৱা বুলি কোৱা হৈছে পোষ্টটোত। 

ফেচবুক টাইমলাইনত থকা অনুযায়ী ৬ মেত বিপুল শৰ্মা নামৰ ব্যক্তি এগৰাকীৰ টাইমলাইনৰপৰা নিশা ৯.২২ মিনিটত শ্বেয়াৰ কৰা পোষ্টটোত এনেদৰে সোণোৱাল তথা আছুৰ বিৰুদ্ধে বিষেদগাৰ কৰাৰ পিছতে দেওবাৰে নিশাৰ ভাগত বিশ্বনাথ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰিমলক।

জানিবপৰা মতে পৰিমল গোড় 'গোড় সমাজ'ৰ এগৰাকী ৰাজ্যিক বিষয়ববীয়া হোৱাৰ লগতে বিপ্লৱী যুৱ সন্থাৰ বিহালীৰ আহ্বায়ক। ফেচবুক একাউণ্টৰ এবাউটত তেঁও চিপিআই (এম-এল)ৰ এগৰাকী সদস্য বুলি উল্লেখ কৰা আছে।  

ছ'চিয়েল মিডিয়াত মুকলিভাৱে মন্তব্য প্ৰকাশ কৰি এনেদৰে প্ৰশাসনৰ ৰোষত পৰা বিষয়টোয়ে বিহালীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷ চৰকাৰ প্ৰশাসনে নাগৰিকৰ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলিও মন্তব্য কৰে স্থানীয় একাংশ ব্যক্তিয়ে৷ আছু আৰু সৰ্বানন্দ সোণোৱালক এনেদৰে সমালোচনা কৰাটো অপৰাধ কেনেদৰে হ’ব পাৰে সেই লৈ প্ৰশ্ন কৰিছে বিভিন্ন মহলে। 

'এয়াই গণতন্ত্ৰ নে?- বলিন্দ্ৰ শইকীয়া নামৰ ব্যক্তি এজনে এনেদৰে পৰিমলৰ ফেচবুক টাইমলাইনত প্ৰশ্ন উত্থাপন কৰিছে। এনেদৰে বিশ্লেষণাত্মক পোষ্ট এটা শ্বেয়াৰ কৰাৰ বাবে যদি আইনৰ ৰোষত পৰিবলগা হয়, তেন্তে এয়া ৰাজ্যই সৃষ্টি কৰা অসহিষ্ণুতা বুলি মন্তব্য কৰিছে ব্যক্তিজনে। 

জানিবপৰা মতে নিশা ১ বজাত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ ৭ খনকৈ আৰক্ষীৰ গাড়ী পৰিমলৰ বাসগৃহত উপস্থিত হয়। এই পদক্ষেপক পোনচাটে অগণতান্ত্ৰিক আখ্যা দিছে বহুতে। 

আছুৰ নেতৃত্বই অসমীয়া মানুহৰ আৱেগৰ সুযোগ লৈ অসম আৰু অসমীয়াৰ থলগিৰিমূলৰ লোকক নিঃশেষ কৰা বুলি অভিযোগ উত্থাপন কৰা পোষ্টটোত কঠোৰ ভাষাৰে আছু তথা সৰ্বানন্দ সোণোৱালৰ দৰে নেতাসকলক সমালোচনা কৰা হৈছিল। 

উল্লেখ্য যে বাক স্বাধীনতাৰ অচিলা লৈ ফেচবুককে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়াত সম্প্ৰতি দেশজুৰি বহুতে ৰাষ্ট্ৰবিৰোধী, বিচ্ছিন্নতাবাদী ভাৱধাৰাৰ প্ৰচলন কৰাৰ লগতে সাধাৰণ জনতাক পথভ্ৰষ্ট কৰি আইন-শৃখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে চিন্তিত হৈ পৰিছে চৰকাৰ। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াই প্ৰদান কৰা এনে অবাধ স্বাধীনতাক লৈ ভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰি আহিছে।