newsnextone.com| ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ গুৰকুছিৰ এখন বড়ো মাধ্যমৰ বিদ্যালয়ৰ এজন শিক্ষকে ছাত্ৰীক বিদ্যালয়ৰ কোঠাতে যৌন নিৰ্য্যাতন চলোৱা এক ঘটনাৰ অভিযোগত বিদ্যালয়খনৰ এজন শিক্ষকক আজি ৰঙিয়া আৰক্ষীয়ে আটক কৰে। আটকাধীন শিক্ষকজনৰ নাম আমিন বড়ো বুলি জানিব পৰা গৈছে। ঘটনাৰ বিষয়ে জানিব পৰা মতে গুৰকুছি বড়ো মিডিয়াম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেনীৰ ছাত্ৰী এগৰাকীক বিদ্যালয়ৰে শিক্ষক আমিন বড়োয়ে দীৰ্ঘদিনৰ পৰা যৌন নিৰ্য্যাতন চলাই আহিছিল।

শিক্ষকজনৰ এনে কাণ্ডৰ সন্দৰ্ভত লাজত ছাত্ৰী গৰাকীয়ে পিতৃ মাতৃক অৱগত কৰা নাছিল যদিও শিক্ষক জনৰ এনে নিৰ্য্যাতন দিনক দিনে বৃদ্ধি পোৱাত উপায়ন্তৰহৈ ছাত্ৰী গৰাকীয়ে মাতৃক অৱগত কৰে। বিষয়টোৰ সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকক পৰিয়াল ফালৰ পৰা জনায় যদিও শিক্ষকজন বিদ্যালয়ৰ ওচৰৰ হোৱাৰ বাবে কোনেও একো সুধিবলৈ সাহস কৰিব পৰা নাছিল। পিছত উপায়ন্তৰ হৈ দুদিন পূৰ্বে লাহাপাৰা গাঁওৰ ছাত্ৰী গৰাকীৰ পৰিয়ালটোয়ে ৰঙিয়া আৰক্ষী থানাত শিক্ষক আমিন বড়োৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। শেহতীয়াকৈ আজি ৰঙিয়া আৰক্ষীয়ে শিক্ষক জনক আটক কৰে। 

উল্লেখযোগ্য "পক্সো" আইনৰ অধিনত শিক্ষক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিচত আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে প্ৰাপ্ত অভিযোগ অনুসৰি শিক্ষকজনে উক্ত ছাত্ৰী গৰাকীৰ লগতে আন ছাত্ৰীকো প্ৰায়ে শৰীৰত হাতদি অশ্লীল মন্তব্য কৰে ।