মৰিয়নী:শনিবাৰে দিনৰ ১০:০০ মান বজাত মৰিয়নী জংচনত ৰেল আৰক্ষীয়ে দুজনী কণমানি উদ্ধাৰ কৰে৷জানিব পৰা মতে কণমানি দুজনীৰ ঘৰ শিৱসাগৰ জিলাৰ হেতাপাৰাত৷

ছোৱালী দুজনী ক্ৰমে তুলসী দাস (১১) পিতা সমীৰ দাস, লক্ষী তাঁতী (১৩) পিতা প্ৰদিপ কূন্দা৷

প্ৰাথমিক অনুসন্ধানত গমপোৱ যায় দুই জনি কণমানিয়ে নিজ মনে ঘৰৰ পৰা পলাই আহিছে৷মৰিয়নী ৰেল আৰক্ষীয়ে দুইজনী কণমানিক যোৰহাট প্ৰেৰণা শিশু সুৰক্ষা গৃহলৈ প্ৰৰণ কৰিছে ইতিমধ্যে৷

যোৱা দুটা মাহত কেৱল মৰিয়নী জংচনত সঘনাই শিশু উদ্ধাৰ হোৱা ঘটনাটো এক উল্লেখনীয বিষয় হয় পৰিছে৷

প্ৰকৃততে আমাৰ সমাজ খনত কি হয় আছে৷কিয় বাৰে বাৰে এই সমূহ ঘটনা পুনৰাবৃত্তি ঘটিছে৷এইয়াই এতিয়া সচেতন মহলৰ মাজত এক সদাস্বৰচিত বিষয় হয় পৰিছে৷