তামুলপুৰ:এন ই গ্ৰিন এবাকাচ তামুলপুৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সাতদিনীয়া হাতৰ আখৰৰ কৰ্মনালাৰ আজি সামৰণি পৰে।

সামৰণি উপলক্ষ্যৰ আজি আবেলি অনুষ্ঠিত হোৱা প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকি শিক্ষক তথা অভিভাৱক মহেশ বৈশ্যই কয় ভাল হাতৰ আখৰে এজন ব্যক্তিৰ পৰিচয় বহন কৰে। হাতৰ আখৰৰ কৰ্মশালা তামুলপুৰত আৰু হওঁক ৷

তামুলপুৰত হোৱা দহটা ভাল কামৰ ভিতৰত এই কৰ্মশালাটো এটা বুলি তেও কয়। অনুষ্ঠানটোত উপস্থিত থাকি চিত্তৰঞ্জন নাৰ্জাৰীয়ে কয় ঘৰটো শিশুক হাতৰ আখৰ শিকোৱা হয় , স্কুলটো শিকোৱা হয় কিন্তু ঘৰত অভিভাৱকে শিকাওতে যেন সন্তানে কৰ’বাত ৰৈ যায় শিকিব আৰু স্কুলত পাঠ্যক্ৰমৰ গুৰুত্ব বাঢ়ি আহিলে হাতৰ আখৰৰ গুৰুত্বটো লাহে লাহে কমি আহে ৷

গতিকে এনেকুৱা কৰ্মশালাৰ প্ৰযোজনীয়তা যথেষ্ট আছে বুলি তেওঁ কয়। আন এগৰাকী অভিভাৱক ইষ্টেফান হেম্ব্ৰমে কয় যে, আমাৰ হাতৰ আখৰ বেয়া বাবে সময়ত জনা খিনিও লিখিব টান পাও ৷

গতিকে আমাৰ সন্তানৰ হাতৰ আখৰ বেয়া হ’ব দিব নোৱাৰো ৷ এই কৰ্মশালাৰ জৰিয়তে হাতৰ আখৰ ভাল হৈছে ৷ Saras Calligraphy ৰ হাতৰ আখৰ প্ৰশিক্ষক বিদ্যুৎ কলিতাই কয় হাতৰ আখৰ এক কলা ৷

এই কৰ্মশালাত যি হাতৰ আখৰ শিকোৱা হ’ল সেয়া চিৰস্থায়ী হ’ব। লগতে তেওঁ ভাষনত এবাকাচ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে কয়৷

এবাকাচ শিকিলে যে ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশ হয় আৰু অংকৰ যিকোনো ডাঙৰ হিচাপ কেলকুলেটৰ আদি নোহোৱা কৈ তাৎক্ষনিক ভাবে দিব পাৰে সেই বিষয়ে বুজাই এবাকাচ শিকিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনাই ৷

আজিৰ এই অনুষ্ঠানত অভিভাৱক সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।