newsnextone.com। যোৰহাটঃ সদৌ অসম গাঁওবুঢ়া সন্থাৰ এখন সাধাৰণ সভা অহা ৭ অক্টোবৰত সন্থাৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব। যোৱা ২৬ আগষ্টত সন্থাৰ উপদেষ্টা মণ্ডলীয়ে আহ্বান কৰা সভাই অসংবিধানিকভাবে ২৫খন জিলা-মহকুমাৰ উপস্থিতিৰ দাবীৰে সন্থাৰ পৰা ৬জন সদস্যক বহিস্কাৰ কৰা সিধান্তক অসমৰ জিলা-মহকুমাসমূহে মানি লোৱা নাই।

নিউজ নেক্সট ৱানলৈ প্ৰেৰণ কৰা এক বিবৃতিত সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ডম্বৰুধৰ দেউৰী আৰু ভাৰপ্ৰাপ্ত সম্পাদক সমৰেন্দু হাজৰিকাই কয় যে, বৰ্তমান পঞ্জীয়ন প্ৰাপ্ত সমিতিখনক বিভাজিত সন্থাৰ একত্ৰীকৰণৰ বাবে সমৰ্থন আগবঢ়াই সমিতিসমূহে স্বাক্ষৰ প্ৰদান কৰিছে।

স্মৰ্তব্য যে উপদেষ্টা মণ্ডলীৰ দ্বাৰা ২৬ আগষ্টত অসংবিধানিকভাবে অনুষ্ঠিত কৰা সভাত সন্থাৰ মাজত বিভাজনমুখী চিন্তাৰে পুনৰ সম্পাদক নিৰ্বাচনকে ধৰি সদস্য বহিস্কাৰ আৰু পঞ্জীয়নৰ বিৰোধীতাৰে মুখ্য পঞ্জীয়কলৈ পত্ৰ প্ৰেৰণৰ দৰে প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্যক জিলা-মহকুমা সমিতি সমূহে সহজভাবে লোৱা নাই।

সন্থাৰ পৰা কোনো সদস্যক বহিস্কাৰৰ নৈতিক অধিকাৰ সন্থাৰ সংবিধানৰ গণ্ডীৰ বাহিৰত। সেয়েহে বৰ্তমান পঞ্জীয়ন প্ৰাপ্ত সমিতিক অসমৰ জিলা-মহকুমা সমিতিয়ে দিয়া সমৰ্থনৰ ভিত্তিত অহা৭ অক্টোবৰত অনুষ্ঠিত কৰিবলৈ লোৱা সাধাৰণ সভাত প্ৰতি জিলা-মহকুমাৰ সভাপতি,সম্পাদক,ৰাজ্যিক বিষয়ববীয়া তথা দুজন নিৰ্বাচিত সদস্য প্ৰেৰণ কৰিবলৈ ভাৰপ্ৰাপ্ত সভাপতি আৰু সম্পাদকে অনুৰোধ জনাইছে।