newsnextone.com | নগাঁওঃ মুক্ত মন, মুক্ত কন্ঠ তথা সৎ সাহস আৰু দুৰ্নীতিৰ ক্ষেত্ৰত কেতিয়াও  আপোচ নকৰা, জাতিৰ স্বাৰ্থত মাত মাতি শিক্ষাৰ মাধ্যমৰে সমাজ ব্যৱস্থাক আগুৱাই নি এখন দুৰ্নীতি মুক্ত সমাজ গঢ়ি তোলাৰ দৰে মহান উদ্দেশ্য আগত ৰাখি ইতিমধ্যে অসমত গঠন কৰা হৈছে হৈছে ‘এন্টি কৰাপছ’ন চিভিল ছ’চাইটি, অসম’ নামেৰে এটা অৰাজনৈতিক সংগঠন। 

এই সংগঠনটোৰ নগাঁও জিলা সমিতি খন শনিবাৰে গঠন কৰা হয়৷ এই মৰ্মে, জিলাখনৰ চলচলিস্থিত ছান কাৰ ভৱনত বিশিষ্ট শিক্ষাবিদ হাজী আব্দুল কদ্দুছৰ সভাপতিত্ব এখনি সভা অনুষ্ঠিত কৰা হয়৷ জিয়াউৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা গুৰুত্বপূৰ্ণ সভাখনিত এন্টি কৰাপছ’ন চিভিল ছচাইটি, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ওৱাইজুল হক চৌধুৰী, কেন্দ্ৰীয় সাধাৰণ সম্পাদক হবিবুৰ ৰহমান, বিশিষ্ট শিক্ষাবিদ আবু তালেব ছিদ্দিক, শিক্ষাবিদ আবুল হুছেইনকে প্ৰমুখ্য কৰি কেইবাজনো গন্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে৷ 

উদ্যমী যুৱক ফকৰ উদ্দিনে আঁত ধৰা সভাখনিত শিক্ষাবিদ আব্দুল কদ্দুছক সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে লৈ ৫১ জনীয়া এন্টি কৰাপচন চিভিল ছচাইটি, অসমৰ নগাঁও জিলা সমিতি খন গঠন কৰা হয়। সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আইনী উপদেষ্টা নজৰুল ইছলামৰ লগতে প্ৰায় শতাধিক লোক উপস্থিত থাকে।