newsnextone.com। চতিয়াঃ জীৱন সংগ্ৰামৰ যুদ্ধত অৱতীৰ্ণ হৈ কাহানিও হাৰ নমনা চতিয়াৰ দুঃসাহসিক ক্ৰীড়াবিদ বসন্ত দাসে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে৷ দীৰ্ঘদিন ধৰি জটিল ৰোগ হিচাপে চিহ্নিত 'এনকেফেলাইটিছ'ত আক্ৰান্ত হৈ আছিল বসন্ত দাস। শুকুৰবাৰে নিশা চতিয়াৰ বৰঙাবাৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। 

সমগ্ৰ অসমৰ বাবে প্ৰতিভাৱান তথা সম্ভাৱনীয় বসন্ত দাসে বিগত কিছুদিন ধৰি গুৱাহাটীৰ হায়াট হস্পিতালত চিকিৎসাধীন হৈ আছিল। অতি দূর্ভাগ্যজনক বিষয় যে যোৱা এপ্ৰিল মাহত বৰ্ণিল যুগ্ম জীৱনৰ পাতনি মেলিছিল ক্ৰীড়াবিদগৰাকীয়ে ৷ বসন্ত দাসে বিশ্বনাথত এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে ২৬টাকৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল ৷

 জাতিৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰৰ বুকুত ২০ কিলোমিটাৰ সাঁতুৰাৰ লগতে সাঁতুৰি সাঁতুৰি পানীত উপঙি বাঁহী, পেঁপা, বীন বজোৱাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ বুকুতে ফুটবল খেলি গঁড় হত্যা ৰোধৰ ক্ষেত্ৰত সজাগতা অনাৰ ব্যতিক্ৰমী প্ৰয়াস কৰিছিল বসন্ত দাসে৷

 এই ক্ষেত্ৰত জাতীয়তাবাদী সংগঠন 'অসম জাতীয়তাবাদী যুৱ পৰিষদৰ' উদ্যোগত কাজিৰঙা নৰ্দাণ ৰেঞ্জৰৰ সহযোগত বসন্ত দাসে এই অভিনৱ প্ৰয়াস কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ মটৰ চাইকেলৰ জৰিয়তে বিভিন্ন দুঃসাহসিক কৰ্ম কৰি লক্ষ লক্ষ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছিল। দুঃসাহসিক ক্ৰীড়াবিদ বসন্ত দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে চতিয়াত গভীৰ শোকৰ ছাঁ পৰিছে।