newsnextone.com।বিহালীঃ উন্নয়ণৰ ফটাঢোল বজোৱা চৰকাৰৰ বাবে জীয়াতু ভুগিবলগা হৈছে বিহালী ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজে। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাছমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (ৱাটাৰ চাপ্লাইৰ) পৰা খ্ৰীষ্টান গাঁও সংযোগী প্ৰায় ৩ কিঃমিঃ পথছোৱা বিগত ৮ টা‌ বছৰে শিল-বালিৰ কথা বাদেই এচপৰাও মাটিও পৰা নাই।

অভিযোগ অনুসৰি,বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ বিহালী জিলা পৰিষদে শিল,বালিৰে (ছেন্টগ্ৰেভেলৰে) পথছোৱা নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিছিল। কিন্তু বৰ্তমানলৈকে এই পথচোৱাত শিল বালিৰ কথা বাদেই এচপৰা মাটিও নপৰিল বুলি ক্ষোভ উজাৰে স্থানীয় ৰাইজে। ৰাইজৰ মতামত অনুসৰি বিষয়টো কাগজ-কলমৰ মাজতেই আৱদ্ধ হৈ  থাকিল নেকি? সমগ্ৰ বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় লোকসকলে।

 কাৰণ নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ প্ৰায় ৩ খন গাৱঁৰ প্ৰাথমিকৰ পৰা ধৰি স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰা একমাত্ৰ পথছোৱা এতিয়া অতি জৰাজীৰ্ণ। পথটোৰ ঠাই বিশেষে একাঠু পানীৰে পৰিপূৰ্ণ হৈ পৰাৰ ফলত সকলো লোকেই যাতায়তৰ সময়ত বিশেষভাবে অসুবিধাৰ সন্মুখীন হবলগা হৈছে। 

বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো স্থানীয় জনপ্ৰতিনিধিৰ সুদৃষ্টি নপৰাৰ  গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি কাছমাৰী ব্ৰাহ্মণ গাঁৱৰ পৰা চেৰেলিয়ালৈ সংযোগী পথৰ শেষত নিৰ্মাণ কৰা দলংখন বিহালীৰ বিধায়ক গৰাকীয়ে আশ্বাস দিছিল যদিও আজি পৰ্যন্ত পকীকৰণ নোহোৱাত ৰাইজে ক্ষোভ উজাৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৩ শ ভোটাৰ ৰাইজে শীঘ্ৰে পথছোৱাৰ সু-ব্যৱস্থা কৰিবলৈ দাবী বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।