newsnextone.com ওৰাংঃ কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়ীয়াক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণত বাধা প্ৰদান কৰাত সোচ্চাৰ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ নামৰ সংগঠনটোৰ নেতা-কৰ্মী৷ বিশেষকৈ প্ৰবীণ টোগাড়ীয়াক অসম ভ্ৰমণত বাধা প্ৰদান কৰা বুলি অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে৷ গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অহা ১৮-১৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া হিন্দু সমাজ তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ হিন্দু মহাসভাৰ কাৰ্যসূচীত প্ৰবীণ ভাই টোগাড়ীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল৷ 

কিন্তু টোগাড়ীয়াক প্ৰশাসনে অসম ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা নাই৷ অসমলৈ আহি সভাত অংশ কৰিবলৈ অসম চৰকাৰে কট্টৰ হিন্দুত্ববাদী নেতাজনক ভ্ৰমণৰ অনুমতি প্ৰদান নকৰাত সোচ্চাৰ হৈ পৰিছে হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতি৷ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে আৰএছএছে বাধা দিয়াৰ বাবেই প্ৰবীণ টোগাড়ীয়াক অসমলৈ অহাত বাধা দিয়া বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷

প্ৰবীণ ভাই টোগাড়ীয়াক অংশগ্ৰহণ কৰাত সোণোৱাল চৰকাৰে বাধা আৰোপ কৰাত প্ৰতিবাদ জনায় বজৰং দলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভুৱা প্ৰতিশ্ৰুতি সমূহৰ বিৰোধিতা কৰি মোডী আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি ওদালগুৰি জিলাৰ ওৰাং চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলে। বজৰং দলৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি নৰেন্দ্ৰ মোডী সৰ্বানন্দ-সোণোৱাল হায় হায়, লেই লেই চেই চেই, প্ৰবিণ টোগাড়ীয়া জিন্দাবাদ শ্ল’গানৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে বজৰং দলৰ নেতা-কৰ্মীয়ে৷

কট্টৰ হিন্দুত্ববাদী, প্ৰাক্তন বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ টোগাড়ীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁক সংঘৰ্ষত হত্যা কৰিব পাৰে বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ যোৱা ১৪ জানুৱাৰীত গুজৰাটৰ নিজৰ আবাসৰ পৰা নিৰুদ্দেশ হৈছিল প্ৰবীণ টোগাড়ীয়া৷ প্ৰায় ১২ ঘণ্টাৰ মূৰকত প্ৰবীণ টোগাড়ীয়াক আহমেদাবাদত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল৷ 

তাৰ পিছতে প্ৰবীণ টোগাড়ীয়াক পুনৰ হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ মাৰ্চ মাহত গুজৰাটৰ চুৰাটত এখন ট্ৰাকে খুন্দিয়াই হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ টোগাড়ীয়াই বুলেটপ্ৰুফ গাড়ীত গৈ থকা অৱস্থাত এখন ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াইছিল নেতাগৰাকীক৷ তাৰ পিছতে নেতাজনৰ সৈতে বজৰং দল, আৰএছএছ, বিজেপিৰ সৈতে মনোমালিন্য আৰম্ভ হৈছিল৷ যোৱা কেইবা মাহ ধৰি চিধা-চিধিকৈ নহ’লেও প্ৰবীণ টোগাড়ীয়াই বিজেপি চৰকাৰ একাংশ বিজেপি নেতা আৰু আৰএছএছ নেতাক আক্ৰমণ কৰি আহিছে৷ ফলত বিশ্ব হিন্দু পৰিষদত এলাগী নেতা হৈ পৰে৷