newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত টিলাপাৰা সন্তেষপুৰ গাঁৱত ১ চেপ্তেম্বৰ দিনা ভূমিকম্পৰ দৰে আকস্মিক ভাৱে উচ্ছেদে চুই গ'ল ডেৰশ পৰিয়ালৰ ঘৰবাৰী। প্ৰায় অৰ্ধ মাহ ধৰি ডেৰশ পৰিয়ালে ঘৰবাৰী হেৰুৱাই মুকলি আকাশৰ তলত প্ৰখৰ ৰ'দ বৰষুণৰ মাজেৰেই জীৱন যাপন কৰিব লগীয়া হৈছে। নাই কোনো খোৱা-লোৱা, প্ৰস্ৰাৱ পায়খানাৰ ব্যৱস্থা, নাই থাকিবলগীয়া ব্যৱস্থা৷ পশু পক্ষীৰ দৰে জীৱন নিৰ্বাহ কৰি থকা হৈছে ডেৰ শতাধিক পৰিয়ালে৷

ইফালে, উচ্ছেদৰ ফলত স্কুলীয়া ল'ৰা ছোৱালীৰ পঢ়া শুনাও ব্যহত হৈ পৰিছে৷ আনফালে, এইক্ষেত্ৰত এআইইউডিএফ নেতা বদৰুদ্দিন আজমল গোটৰ বাহিৰে সকলো দল, সংগঠন, চৰকাৰ, জন প্ৰতিনিধিয়ে নিষ্ঠুৰতা অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভূক্তভূগীয়ে। 

ইতিমধ্যে উচ্ছেদ পৰিয়াল সকলক লৈ আজমল ফাউণ্ডেশ্যন, জমিয়ত, মাৰ্কাজুল মাৰিফ তৰফৰ পৰা তিৰ্পাল, চাউল, দাইল, তেল আদি সাহাৰ্য্য প্ৰদান কৰে। উচ্ছেদ পৰিয়ালৰ বিননি শুনিবলৈ কোনো নাই। চৰকাৰে যাতে উচ্ছেদ পৰিয়ালৰ পুৰ্ণ সংস্থাপন আৰু সাহাৰ্য্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ভূক্তভোগী পৰিয়ালে।