newsnextone.com | নগাঁওঃ পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালে তৃতীয় বৰ্ষত ভৰি দিলে যদিও নগাঁও জিলাৰ বাট পথৰ অৱস্থা আজিও অতি জৰাজীৰ্ণ তথা শোচনীয় হৈয়ে থকা দৃষ্টিগোচৰ হৈছে৷ বিশেষকৈ জিলাখনৰ পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বটদ্ৰৱা থান সংযোগী নগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ অধীনৰ অত্যন্ত গুৰুত্বপূৰ্ণ ধিং-মৈৰাবাৰীলৈকে প্ৰায় ২৫ কিলোমিটাৰ পথচোৱা বৰ্তমান মৰণফাণ্ডত পৰিণত হৈছে৷ 

প্ৰসংগক্ৰমে উল্লেখ কৰাটো সমীচিন যে, কিছুদিন পূৰ্বে এই মৰণফাণ্ড সদৃশ পথৰ গাঁতত দূৰ্ঘটনাত পতিত হৈ জুৰীয়াৰ হাফিজা খাতুন নামৰ এগৰাকী মহিলাই অকাল মৃত্যুক সাবতি লবলগীয়া হৈছিল৷ তদুপৰি সময়ে সময়ে এই জৰাজীৰ্ণ পথচোৱাত বিভিন্ন সৰু-বৰ বাহন দূৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে বহুজন আকৌ ঘূণীয়া হ’বলগীয়া হৈছে৷ 

প্ৰকাশ যে, এই গড়কপ্তানী পথটোৰ হয়বৰগাঁও হনুমান মন্দিৰৰ সন্মুখৰ পৰা ধিং গে'টত প্ৰায় এশ সত্তোৰ মিটাৰ আৰু উৰণীয়া সেতুৰ পৰা চিলঙনী দলং পৰ্যন্ত প্ৰায় তিনি কিলোমিটাৰ পথ ভাগি বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে৷ ইয়াৰোপৰি অতি ব্যস্ততাপূৰ্ণ এই পথটোৰ বটদ্ৰৱাৰ পৰা ধিং আৰু ধিং চাৰিআলিৰ পৰা মৈৰাবাৰী পৰ্যন্ত অংশখিনিও প্ৰায় বিধ্বস্ত ৰূপ লৈছে৷ কিন্তুু এই ক্ষেত্ৰত সম্পূৰ্ণ ৰহস্যজনক মৌন ব্ৰত পালন কৰিছে প্ৰতিটো কথাতে বৰদোৱাক বিশ্বৰ দৰবাৰলৈ নিয়াৰ কথাৰ ফুলজাৰি মৰা কথা চহকী বিধায়িকা আঙুৰলতা ডেকাই৷ 

প্ৰকৃততে পথটোৰ অধিকাংশই বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত৷ মাত্ৰ সামান্য অংশহে নগাঁও সদৰ আৰু ধিং সমষ্টিৰ অন্তৰ্গত৷ গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিবিজড়িত শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰা এই মূল পথটো যাতায়াতৰ উপযোগী কৰি ৰখাৰ বাবে বটদ্ৰৱাৰ বিধায়িকা গৰাকীয়ে বিশেষ গুৰুত্ব দিব লাগে৷ কিন্ত তেনে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে সচেতন লোকসকলে৷ 

আনহাতে, নগাঁও গড়কপ্তানী বিভাগ (পথ) আৰু একাংশ ঠিকাদাৰৰ বাবে বৰ্তমান সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হোৱা বিপদসংকুল এই পথচোৱাৰ মেৰামতিৰ বাবে অসম চৰকাৰে নগাঁও ৰাজ্যিক পথ সংমণ্ডলক ২০১৬-১৭ বৰ্ষত ডেৰ কোটিৰো অধিক টকা আবন্টন দিছিল যদিও মেৰামতিৰ নামত চলিল চুড়ান্ত প্ৰহসন৷ নিশাৰ ভাগত গাড়ীৰ লাইট জ্বলাই বিভাগীয় বৰমুৰীয়াৰ সহযোগত ধুৰন্ধৰ ঠিকাদাৰে ঠায়ে ঠায়ে নামমাত্ৰ মেৰামতি কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷ 

আনকি বটদ্ৰৱালৈ এই পথৰে আহ-যাহ কৰা ৰাজ্যপাল, খোদ মুখ্যমন্ত্ৰী, বিভিন্নজন মন্ত্ৰী, সাংসদ তথা বিধায়কে সততে গুৰুজনাৰ জন্মস্থানখনিক পৰ্যটনৰ মানচিত্ৰ স্থান দিয়া হ’ব বুলি উল্লেখ কৰে যদিও প্ৰকৃতাৰ্থত শ্ৰীশ্ৰী বটদ্ৰৱা থান সংযোগী পথচোৱাৰ বছৰৰ পিছত বছৰ এনে বিধ্বস্ত অৱস্থাই ৰাজনৈতিক নেতা মন্ত্ৰীৰ যে সঁচা অৰ্থত বটদ্ৰৱাৰ উন্নয়নৰ প্ৰতি তিলমানো গুৰুত্ব নাই সেয়াকে সূচাঁইছে বুলি সৰ্বসাধাৰণেও এতিয়া ক’বলৈ আৰম্ভ কৰিছে৷ 

ইয়াৰ বিপৰীতে, এই পথেৰে এইকেইদিন স্বৰ্ণকন্যা হিমা দাসৰ গৃহৰ লগতে ভাদ মাহ উপলক্ষে বটদ্ৰৱা থানলৈ যাতায়াত কৰা একমাত্ৰ মন্ত্ৰী-বিধায়কৰ আহ-যাহৰ সুবিধাৰ্থে নগাঁৱৰ হুজগাঁৱৰ পৰা চিলঙনী দলং পৰ্যন্ত প্ৰায় সম্পূৰ্ণ ভাৱে বিধ্বস্ত পথচোৱাৰ মেৰামতিৰ নামত চলিছে পুনৰ নাটক৷ কিয়নো, কেইজনমান শ্ৰমিকে পথচোৱাত গাতবোৰ চাই চাই মাজে মাজে টাপলি মাৰি মেৰামতি চলোৱাত পথচাৰীয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷ 

জানিব পৰা মতে, একাংশ ঠিকাদাৰে এনেদৰে চুড়ান্ত অনিয়মেৰে যেনে-তেনে কেইটামান গাঁত পুতি পুনৰ পথচোৱা মেৰামতিৰ নামত লাখ লাখ  টকা লুন্ঠনৰ পাং পাতিছে৷ কাজেই, দূৰ্নীতিমুক্ত চৰকাৰৰ শ্ল’গান দিয়া মুখ্যমন্ত্ৰী তথা সদা সফল মন্ত্ৰী হিচাপে জহাই থকা গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নগাঁও-বটদ্ৰৱা-ধিং-মৈৰাবাৰী সংযোগী পথচোৱাৰ মেৰামতিৰ নামত চলি থকা লুন্ঠন বন্ধ কৰি অনতি পলমে পথচোৱা সুন্দৰভাৱে নিৰ্মাণ কৰি প্ৰকৃতাৰ্থত গুৰুজনালৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাইজে আহ্বান জনাইছে৷ 

ইফালে, বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত নামনি অসমৰ ৰাইজে সততে ব্যৱহাৰ কৰি অহা ডিমৌ-ৰাইদঙীয়া সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ অৱস্থাও বৰ্তমান তথৈবছ৷ ঠায়ে ঠায়ে বৃহৎ বৃহৎ দঁ গাঁতৰ সৃষ্টিৰে কদৰ্য ৰূপ ধাৰণ কৰা এই পথৰ মেৰামতিৰ ক্ষেত্ৰটো কোনো কানসাৰ নিদিয়াৰ ৰাইজে অভিযোগ তুলিছে বটদ্ৰৱাক জাকত-জিলিকা কৰি তোলাৰ ভাষণ আওৰাই অহা বিধায়িকা আঙুৰলতাৰ ডেকাৰ বিৰুদ্ধে৷