newsnextone.com | ৰঙিয়াঃ ৰঙিয়া ৰাঙাপাৰা এক্সপ্ৰেছৰ পৰা আজি ৰে’ল আৰক্ষীয়ে দুটি কনমানি কন্যা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়া ৰাঙাপাৰা এক্সপ্ৰেছ ৰে’লগাড়ীখনে আজি দুপৰীয়া ৰাঙাপাৰাৰ পৰা আহি ৰঙিয়া ৰে’ল জংচনত ৰোৱাৰ পিছত ৰে’ল আৰক্ষীয়ে নিয়মীয়া তালাচী চলাইছিল৷ 

এই তালাচী কালত ৰে’ল আৰক্ষীয়ে এটা দবাত অকলশৰীয়াকৈ বহি থকা অৱস্থাত দুটি কন্যা শিশুক প্ৰত্যক্ষ কৰে৷ ৰে’ল আৰক্ষীয়ে লগে লগে শিশু কন্যা দুটিক জংচনটোৰ জিআৰপি থানালৈ লৈ আনে আৰু সোধ পোচ আৰম্ভ কৰে৷ 

সোধপোচত কন্যা শিশু দুটিয়ে তেওঁলোকক আইতাকে হুগ্ৰাজুলীৰ পৰা মোমায়েকৰ ঘৰলৈ ৰে’লত পঠিয়াই দিয়া বুলি প্ৰকাশ কৰে৷ জি আৰ পিয়ে পিছত চাইল্ড লাইনৰ সৈতে যোগাযোগ কৰি কন্যা শিশু দুটিক পৰিয়ালৰ লোকৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰে।