newsnextone.com | ৰঙিয়াঃ ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তি হিচাপে খ্যাতি অৰ্জন কৰা ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বিষয়টো প্ৰকৃততে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী হৈছে। ফান্সৰ ডাছাল্ট এভিয়েচন কোম্পানীৰ পৰা নৰেন্দ্ৰ মোডী চৰকাৰে বিমান ক্ৰয়ৰ যি চুক্তি কৰিছে সেই চূক্তিয়ে ৰাজহুৱা পুঁজি ধ্বংস কৰাৰ লগতে জাতীয় স্বাৰ্থ  আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত ভয়ংকৰ ভাবে আপোচ কৰিছে৷

আজি ৰঙিয়া শ্বহীদ কৃষক ভৱনত কামৰূপ জিলা সমিতৰ এখন সংবাদ মেলত অসমৰ প্ৰাক্তন মন্ত্ৰী ড০ জয়নাথ শৰ্মাই এনেদৰে কয়। প্ৰক্তন মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰৰ মোডী চৰকাৰক সমালোচনা কৰি আৰু কয় যে, মোডী চৰকাৰে আনকি ইচ্ছাকৃত ভাবে প্ৰকাশ কৰা নাই ৩৬ খন ৰাফেল যুদ্ধ বমানৰ ক্ৰয়ৰ মূল্য। প্ৰতিৰক্ষা ক্ৰয় ব্যৱস্থাৰ ক্ষেত্ৰত থকা বাধ্যতামুলক বিধান সম্পুৰ্ণ ৰূপে উলংঘা হৈছে। যুদ্ধ বিমান ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিৰক্ষা কেবিনেট সমিতিৰ পৰা অনুমোদন লোৱাৰ ক্ষেত্ৰটো চূড়ান্ত গাফিলতি কৰা দেখা গৈছে বুলিও শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। 

হিন্দুস্থান এৰোনটিক্স লিমিটেডৰ পৰা কাৰিকৰী প্ৰযুক্তি বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ কৰি মোডী চৰকাৰে জাতীয় স্বাৰ্থ বিসৰ্জন দিয়া বুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয়। আনহাতে, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইছ এ এলক অংগুষ্ঠ দেখুৱাই ৩৬০০০ কৌটি টকাৰ অফছেট ঠিকা ৰিলায়েঞ্চক প্ৰদান কৰি নিয়ম ভংগ কৰাৰো অভিযোগ উত্থাপন কৰে তেওঁ। 

গুৰুত্বপুৰ্ণ দিশ এটা আঙুলিয়াই দি প্ৰকৃততে দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰয়োজন হোৱা ১২৬ খন যুদ্ধ বিমান ক্ৰয় কৰাৰ পৰিবৰ্তে মাত্ৰ ৩৬ খন যুদ্ধ বিমান ক্ৰয় কৰা আৰু এয়া প্ৰায় ৯ বছৰলৈ দেশলৈ আনিব নোৱাৰি পেলাই ৰখাটো জাতীয় স্বাৰ্থ আপোচৰ আন এক উদাহৰণ বুলি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। 

কেন্দ্ৰীয় চৰকাৰৰ এনেবোৰ সিদ্ধান্তৰ বাবে ৰাাজকোষ উদং কৰা বুলিও প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে দাবী কৰে৷ ইফালে, ৰঙিয়া কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ সংবাদ মেলখনত দলটোৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থকাৰ উপৰিও ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক হৰিশ পাটোৱাৰী উপস্থিত থাকে।