newsnextone.com | ৰৌতাঃ সুৰা সম্ৰাট বিজয় মালিয়া আৰু বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে জাঙুৰ খাই উঠিছে কংগ্ৰেছ । ২০১৬ চনত বিজয় মালিয়াই ৯ হাজাৰ কোটি টকা লৈ ভাৰত এৰিছিল। ভাৰত এৰাৰ পূৰ্বে বিজয় মালিয়াই আকস্মিকভাবে লগ পাইছিল বিত্তমন্ত্ৰী অৰুণ জেটলিক।

এই কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে বৃহস্পতিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশত ওদালগুৰি জিলা যুৱ কংগ্ৰেছে ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় আধা ঘণ্টা সময় অৱৰোধ কৰি প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। 

আবেলি ৫ বজাত ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বিষ্টি কুমাৰ বসুমতাৰী, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি দীপক বৰাল, অসম প্ৰদেশ মজদুৰ কংগ্ৰেছ সাধাৰণ সম্পাদক ৰিমিছ লিণ্ডা, জিলা কংগ্ৰেছ উপ-সভাপতি আব্দুলৰ ৰহিম, জিলা মিডিয়া কোষৰ আছমত আলী,ছাহজাহান আলীকে ধৰি প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মী সকলে হাতে হাতে প্লে'কাৰ্ড লৈ বিজেপি গ'বেক, কংগ্ৰেছ জিন্দাবাদ, বিজেপি চৰকাৰ হুঁচিয়াৰ, দেশত লাগিছে হাহাকাৰ শাসনত আছে ডকাইতৰ চৰকাৰ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে। প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ জৰিয়তে জিলা কংগ্ৰেছৰ সভাপতি বিষ্টি কুমাৰ বসুমতাৰীয়ে মিছলীয়া বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰী অৰুণ জেটলীৰ পদত্যাগ দাবী কৰে।