newsnextone.com | দিছাংমুখঃ শিৱসাগৰ নগৰৰ ডৰবাৰ ৰোডৰ কাষত তথা পৌৰসভাৰ ৩ নং ৱাৰ্ডত আছে বৃটিছৰ দিনৰ খ্ৰীষ্টিয়ান ধৰ্মৰ কবৰস্থান। এই কবৰস্থানত আছে ১৮৪৬ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা প্ৰথম অসমীয়া সংবাদ পত্ৰ ‘অৰুণোদই’ৰ প্ৰথম সম্পাদক নাথান ব্ৰাউন, প্ৰথম অসমীয়া খ্ৰীষ্টিয়ান মহিলা নিধি লেৱী ফাৰৱেলকে প্ৰমুখ্যে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সমাধি। 

এনে এখন কবৰস্থানৰ প্ৰতি আমাৰ সমাজত যি শ্ৰদ্ধা থাকিব লাগিছিল, সেয়া যেন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। কাৰণ একাংশ প্ৰতিবেশী আৰু একাংশ লোকৰ অদূৰদৰ্শিতা মনোভাৱৰ বাবেই কবৰস্থানৰ সন্মুখত ডাষ্টবিন গঢ় লৈ উঠিছে। এই ডাষ্টবিনৰ পৰা নিৰ্গত দুৰ্গন্ধই পৰিবেশ প্ৰদূষিত কৰি অহাৰ লগতে ঐতিহ্যপূৰ্ণ কবৰস্থান খনকো ম্লান কৰি তুলিছে। 

কবৰস্থানৰ প্ৰৱেশ পথৰ কাষত থকা পৌৰসভাৰ ষ্ট্ৰীট লাইট বছৰ ধৰি বিকল হৈ আছে। যাৰ বাবে একাংশ লোকে আন্ধাৰৰ সুযোগ লৈ সেই ঠাইত জাবৰ জোঁথৰ পেলায়৷ যাৰ ফলত অঞ্চলটোৰ পৰিৱেশ দূষিচ হৈ পৰাৰ লগতে কৱৰস্থানখনৰ গৰিমাও ম্লান কৰি পেলাৱা বুলি সচেতন মহলে মত ব্যক্ত কৰিছে৷ জিলাখনৰ পৌৰ নিগমে এই সকলো দেখি শুনিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে৷