newsnextone.com | ডিফুঃ শনিবাৰে পুৱাৰে পৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম এলেকা বকাৰাম টকবীত কাৰ্বি আংলং আৰক্ষীৰ তীব্ৰ অভিযান চলে। কাৰ্বি আংলং জিলাৰ ডলামৰা আৰক্ষী থানা এলেকাৰ বকাৰাম টকবীত উগ্ৰপন্থীয়ে বাহৰ পাতি থকাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। তাৰ পিছতে সমগ্ৰ এলেকা ঘেৰি লৈ অভিযান চলাই আৰক্ষীয়ে।

অভিযান চলি থকাৰ মাজেত আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ কেডাৰৰ সৈতে মুখামুখি হয়। পিডিচিকেৰে হোৱা মুখামুখি সংঘৰ্ষত দুয়ো পক্ষৰ মাজত দীৰ্ঘ সময় সংঘৰ্ষ লাগে। ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ কাৰ্বি আংলং জিলা আৰক্ষী সুত্ৰই জনোৱা মতে, ডলামৰা আৰক্ষী থানা এলেকাৰ বকাৰাম টকবী গাঁৱত উগ্ৰপন্থী সংগঠন পিডিচিকেৰ এটি শীৰ্ষ নেতৃত্বৰ দলে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি জিলা আৰক্ষীয়ে এলেকাটোত অভিযান চলাওঁতে পিডিচিকেৰ দলটোৰ সৈতে আৰক্ষীৰ মুখামুখি সংঘৰ্ষ লাগে৷ 

সংঘৰ্ষত আৰক্ষীয়ে উগ্ৰপন্থীৰ দলটোক তীব্ৰ প্ৰত্যুত্তৰ দিয়ে যদিও উগ্ৰপন্থীদলটোৰ পৰা আৰক্ষীয়ে এটা এইছকে পইণ্ট ৩৩ ৰাইফল, ৭০ জাঁই সজীৱ গুলী, দুটা মেগজিন, ২ টা মোবাইল ফোন, ১টা চাকু-টৰ্চ আৰু ১টা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও উগ্ৰপন্থীৰ দলটো পলাই যাবলৈ সক্ষম হয়৷ চোৰাংচোৱা সূত্ৰে জানিব পৰা মতে উগ্ৰপন্থী দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা আৰক্ষীৰে সংঘৰ্ষত আহত হৈছে ৷ 

পলায়ণ কৰা কেডাৰ কেইজনক আৰক্ষীয়ে জালত পেলাবলৈ জংঘলত আৰু পথ সমুহত আৰক্ষীৰ তালাচী তীব্ৰতৰ কৰি তোলা হৈছে বুলি জিলা আৰক্ষীৰ শীৰ্ষ সূত্ৰটোৱে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ২০১৬ চনত গঠন হোৱা পিডিচিকে কেএনএলএফ আৰু কেপিএলটি চৰকাৰৰ সৈতে আলোচনাৰ মেজলৈ অহাৰ পিছত পিডিচিকে জিলাখনত আত্মপ্ৰকাশ কৰি সন্ত্ৰাস চলাই  আৰক্ষীৰ নিদ্ৰা হৰণ কৰিছে৷